/asomiyapratidin/media/media_files/2026/01/03/1-2026-01-03-22-30-07.jpg)
ডিজিটেল ডেস্কঃ বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত চানডুবিৰ সমীপৰ বৰদুৱাৰ বাগানত ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত ৰাভা, গাৰো, আদিবাসীসহ বিভিন্ন আদিবাসী জনগোষ্ঠীৰ স্থানীয় বাসিন্দাসকল বৃহৎ সংখ্যাত উপস্থিত হৈ অঞ্চলটোত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পৰ বিৰুদ্ধে তীব্ৰ বিৰোধ কৰে। বৰদুৱাৰ বাগান ভূমি দাবী সমিতিৰ সভাপতি গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু গুৱাহাটী বাৰ এছ’চিয়েশ্যনৰ উপ-সভাপতি শান্তনু বৰঠাকুৰে অংশগ্ৰহণ কৰি ছেটেলাইট টাউনশ্বীপ প্রকল্প বিষয়ত ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2-2026-01-03-22-30-49.jpeg)
উল্লেখযোগ্য যে, তেওঁ দুখীয়া ৰাইজৰ ভূমি উচ্ছেদ কৰিব বিচৰা চৰকাৰক উৎখাত কৰিব পাৰিলেহে এই ভূমি ৰাইজৰ হাতত থাকিব বুলি উল্লেখ কৰে। সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে অংশগ্ৰহণ কৰি ৰাইজৰ মাজত অহা এই বিপদৰ কাৰণে ৰাইজক একগোট হৈ থাকিবলৈ কয়। ঐক্যবদ্ধ সংগ্ৰাম অবিহনে এই ভূমি উচ্ছেদৰ পৰা ৰাইজ ৰক্ষা পোৱাতো সম্ভৱ নহয়। সভাত নিখিল ভাৰত কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ,গ্ৰেটাৰ কাজিৰঙা ভূমি অধিকাৰ সমিতিৰ প্ৰণৱ দলে আৰু ভূমি অধিকাৰ যৌথ সমিতিৰ সুব্ৰত তালুকদাৰ আৰু ভূমি পট্টন দাবী সমিতিৰ বিষয়ববীয়া পাখিৰাজ ৰাভাই অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-202-2026-01-03-22-31-06.jpeg)
ইয়াৰ উপৰিও বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ সদস্য-বিষয়ববীয়া,আদিত্য নাগ, আদিত্য ৰাভা, নীলমণি শৰ্মা, গজেন ৰাভা, নিপেন চাংমা, ইন্দ্ৰেশ্বৰ ৰাভা, কমল ৰাভা, ধীৰাজ ৰাভা, ৰুদ্ৰেশ্বৰ ৰাভা আদিকে ধৰি বহুকেইজন লোক উপস্থিত থাকে। সভাৰ শেষত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।ইয়াৰ ভিতৰত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্প সম্পূৰ্ণৰূপে বাতিল নোহোৱালৈকে প্ৰতিবাদ অব্যাহত থাকিব। প্ৰস্তাৱ বাতিল নোহোৱালৈকে অঞ্চলটোত কোনো ড্ৰ’ন জৰীপ, ভূমি মাপজোখ বা সংশ্লিষ্ট কোনো কাম কৰিবলৈ দিয়া নহ’ব। সভাত একমতভাৱে ১০৮ মৃত্যুঞ্জয় সেৱাৰ চালকসকলৰ চলি থকা সংকটৰ প্ৰতি সংহতি প্ৰকাশ কৰা হয়। তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি সন্মান জনাই আৰু জনস্বাস্থ্য তথা জৰুৰী সেৱাত তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকৃতি দিয়ে। সভাত উপস্থিত ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক আদিবাসী জনগোষ্ঠীৰ গণতান্ত্ৰিক মতামতক সন্মান জনাবলৈ, প্ৰকল্প-সম্পৰ্কীয় সকলো প্ৰাৰম্ভিক কাম-কাজ তৎক্ষণাৎ বন্ধ কৰিবলৈ আৰু স্থানীয় ৰাইজৰ সৈতে স্বচ্ছ আৰু অৰ্থপূৰ্ণ আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/03/whatsapp-image-2026-2026-01-03-22-31-21.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us