/asomiyapratidin/media/media_files/2025/12/30/drerertgfgf-2025-12-30-11-12-48.jpg)
ডিজিটেল সংবাদ, চতিয়াঃ চতিয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰত একেটা পৰিয়ালৰ চাৰিজনকৈ ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰা অপৰাধীৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ দাবীত সোমবাৰে বিয়লি অনুষ্ঠিত হয় বিশাল ৰাজহুৱা সভা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/capturergrtrtr-2025-12-30-11-14-13.jpg)
চতিয়া নাট্য ভৱনত বৃহত্তৰ চতিয়া অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ প্ৰতিনিধিৰ লগতে ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাই চতিয়াৰ নুৰপুৰৰ একেটা পৰিয়ালৰ চাৰিজনকৈ ব্যক্তিক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাক কথোৰ ভাষাৰে গৰিহনা দিয়ে৷ চতিয়াৰে মিলনপুৰৰ তৈয়ৱ আলি, বৰজান আলি, আচিক আলি আৰু নবেদ আলি নামৰ এই চাৰি গৰাকী আক্ৰমণকাৰীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ ৰাজহুৱা সভাই দাবী জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/30/capturefgrtrrr-2025-12-30-11-14-26.jpg)
ৰাজহুৱা সভাখনত অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই চতিয়াত শান্তি সম্প্ৰীতিৰ বাতাবৰণ বিনষ্ট কৰা দুস্কৃতিকাৰী দলটোক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। ইফালে, চতিয়াত মদ ,ভাং, ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধেও আৰক্ষী প্ৰশাসনক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজহুৱা সভাই প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে চতিয়াৰ চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধেও শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us