বন্যহস্তীৰ উপদ্ৰৱ : কামপুৰত ৰাজহুৱা সভা

বৃহত্তৰ কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত বিগত সাতটা বছৰে বন্যহস্তীয়ে চলাই অহা বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে  কামপুৰৰ তেঁতেলীসৰা ফটাঝাৰ খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
48

ডিজিটেল সংবাদ, কামপুৰ : বৃহত্তৰ কামপুৰ ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চলত বিগত সাতটা বছৰে বন্যহস্তীয়ে চলাই অহা বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে  কামপুৰৰ তেঁতেলীসৰা ফটাঝাৰ খেলপথাৰত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। নগাঁও জিলাৰ বনসংমণ্ডল কাৰ্যলয়ৰ অন্তৰ্গত কামপুৰ আৰু কঠীয়াতলীৰ বন আঞ্চলিক কাৰ্যলয়ৰ  বিষয়াবৰ্গৰ উপস্থিতিত আৰু চুবোধ ৰাজখোৱাৰ সভাপতিত্বত অনুস্থিত সভাখনত বিগত সাতটা বছৰে অঞ্চলটোত বন্যহস্তীৰজাকে চলাই অহা উপদ্ৰৱৰ ওপৰত আলোচনা কৰি এই বৃহৎ সমস্যাটোৰ পৰা কেনেদৰে পৰিত্ৰাণ পাব পাৰি তাৰ ওপৰত  আলোচনা কৰে।

উল্লেখ্য যে কঠীয়াতলী আৰু কামপুৰ বন আঞ্চলিক কাৰ্যলয়ৰ সীমাত অৱস্থিত তেঁতেলীসৰাৰ এই বৃহৎ অঞ্চলটোৰ ৰাইজ অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন ধাৰন কৰি আছে। কিন্তু কৃষিৰ ওপৰত নিৰ্ভৰ কৰা এইলোকসকলে বাৰিষা খেতি কৰিবৰ সময়ত হোৱা প্ৰবল বান আৰু খৰালীত ধান কাটিবৰ সময়ত জাক জাক বন্যহস্তীয়ে কৃষি ভূমিত নামি সমূহ কৃষিভূমি নষ্ট কৰাৰ ফলত  কৃষক সকল ব্যাপক সমস্যাত পৰি আহিছে।

হাতীয়ে পথাৰৰ পকাধান খাই তহিলং কৰাৰ ফলত বছৰৰ পেটৰ ভাতমুঠি যোগাৰ কৰাত অসুবিধা আহি পৰিছে । তাৰোপৰি প্ৰতিবছৰে হাতীৰ জাকটো গাঁৱত প্ৰৱেশ কৰি ঘৰ -বাৰী  নষ্ট কৰাৰ লগতে  লগতে গোহালীৰ গৰু ম'হৰ জীৱনলৈ ভাবুকি নমাই আনে।

আজিৰ সভাই বন বিভাগৰ বিষয়াসকলক অঞ্চলটোত হাতীৰ এই উপদ্ৰৱৰ পৰা ৰক্ষা কৰি ৰাইজক সুৰক্ষা দিবৰ বাবে অনুৰোধ জনায়। সভাখনত বন বিষয়া মনোজ দাস, চিত্ৰ দেউৰী, অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰেম মোহন হাজৰীকা, দুই গাঁও প্ৰধান ক্ৰমে দীলিপ হাজৰিকা, লুলু পাটৰ, প্ৰৱন হাজৰীকা, তেঁতেলীসৰা পঞ্চায়তৰ কাউঞ্চিলাৰ হেমন্ত কুমাৰ দাস, প্ৰৱন হাজৰিকা, চম্পক হাজৰিকা সাংবাদিক ৰূপ জ্যোতি ভূঞা, জয়ন্তু বৰা আদিয়ে বক্তব্য প্ৰদান কৰে।

আজিৰ সভাতে সুবোধ ৰাজখোৱাক সভাপতি আৰু প্ৰৱন হাজৰিকাক সম্পাদক হিচাপে লৈ এখন হস্তী সুৰক্ষা সমিতি গঠন কৰে।

নগাঁও কামপুৰ