টকৌবাৰী গাঁও পঞ্চায়তৰ পদক্ষেপ : ১৭ গৰাকী কৃতি শিক্ষাৰ্থীক ৰাজহুৱা সম্বৰ্ধনা

সদ্যঘোষিত এডিআৰই, টেট, অসম পুলিচ, বেংক আদিৰ পৰীক্ষাৰ ফলাফলত মেধাৰ ভিত্তিত সফলতাৰে উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰি ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰি তোলা টকৌবাৰী গাঁও পঞ্চায়ত এলেকাৰ ১৭ গৰাকী কৃতিমানক মঙলবাৰে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে

author-image
Asomiya Pratidin
New Update
375

ডিজিটেল সংবাদ, গহপুৰ : সদ্যঘোষিত এডিআৰই, টেট, অসম পুলিচ, বেংক আদিৰ পৰীক্ষাৰ ফলাফলত মেধাৰ ভিত্তিত সফলতাৰে উত্তীৰ্ণ হৈ নিযুক্তি লাভ কৰি ভৱিষ্যতৰ সপোন বাস্তৱায়িত কৰি তোলা টকৌবাৰী গাঁও পঞ্চায়ত এলেকাৰ ১৭ গৰাকী কৃতিমানক মঙলবাৰে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে টকৌবাৰী গাঁও পঞ্চায়ত কাৰ্য্যালয়ে। সেই উপলক্ষে টকৌবাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত পূৱ বুৰৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক গন্ধেশ্বৰ মিলিৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে বুথ সভাপতি জয়ন্ত মহন্তই ।

টকৌবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভোজৰাজ ছেত্ৰীয়ে আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা পৰিষদৰ সভানেত্ৰী  সুনীতা তাঁতী। তাঁতীয়ে কয় যে এনেধৰণৰ অভিনন্দন কিম্বা সম্বৰ্ধনা কাৰ্য্যসূচীয়ে উঠি অহা প্ৰজন্মক উৎসাহিত কৰে।

এইক্ষেত্ৰত টকৌবাৰী গাঁও পঞ্চায়ত কাৰ্য্যলয়ে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লয় সুনীতা তাঁতীয়ে। উক্ত সম্বৰ্ধনা কাৰ্য্যসূচীত ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলা কৃষক মৰ্চাৰ সভাপতি সুমন শৰ্মা, ভাৰতীয় জনতা পাৰ্টীৰ বুৰৈ মণ্ডলৰ সভাপতি দীপক চাহু, কাৰিবিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক ঋষিৰাম ৰিজাল, পূৱ বুৰৈ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক অবিলাল ছেত্ৰী ,কাৰিবিল গাঁও পঞ্চায়তৰ সভানেত্ৰী দেৱকা দেৱী, আঞ্চলিক পঞ্চায়তৰ সদস্য পৰশু চেত্ৰী, সমাজকৰ্মী যোগনাথ দাহাল, দীপক আগৰৱাল, টকৌবাৰী গাঁও পঞ্চায়তৰ সকলো ৱাৰ্ড সদস্য, সদস্যা আঞ্চলিক সদস্যা আদি উপস্থিত থাকে।

WhatsApp Image 2025-12-02 at 3.51.11 PM

উক্ত সভাত সম্বৰ্ধিত গকুল ছেত্ৰী, ৰঞ্জিত মেধি, অনন্ত কুমাৰ মহন্ত, প্ৰতিক ছেত্ৰী,ৰাজীৱ উপাধ্যায়, দীপজ্যোতি বৰা,দেৱাশীষ মিলি, দীপজ্যোতি নৰহ,প্ৰিয়ম পায়েং, বন্দনা পায়েং, পবন শৰ্মা, প্ৰধান পোখ্ৰেল,কৌশিক শৰ্মা, পূৰৱী পায়েং, সত্যৱতী কাৰ্ডং,ৰেখাৰাণী পামেগাম আৰু উমেশ ৰাউতক একোখনকৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকৰ চাকৰি জীৱন ভৱিষ্যত উজ্বল কামনা কৰা হয়। উক্ত সভাত টকৌবাৰীৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী মাৰ্কা নৰহ আৰু টকৌবাৰী গাঁও পঞ্চায়তৰ নৱাগত পঞ্চায়ত সচিৱ মহেন্দ্ৰ ভূঞাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

টকৌবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভোজৰাজ ছেত্ৰীৰ নেতৃত্বত ৰূপায়িত এই কাৰ্য্যসূচীক শলাগ লৈছে অঞ্চলটোৰ সচেতন ৰাইজে।

সম্বৰ্ধনা অনুষ্ঠান