ডিজিটেল সংবাদ,গুৱাহাটীঃ বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত আজিৰ পৰা গুৱাহাটীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ শীৰ্ষক এক আন্তৰ্জাতিক আলোচনা চক্ৰ ৷ হোটেল বিভাণ্টাত হ’বলগা পৰিৱেশ বিষয়ক এই আলোচনাৰ বিষয় হ’ল- তৃতীয় মেৰু আৰু হিমসাগৰ (পূব হিমালয়)ৰ ভৱিষ্যত ৷ আজি উক্ত স্থানতে হোৱা এখন সংবাদমেলত উপস্থিত থাকি বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক ৰঞ্জিত বৰঠাকুৰে কয় যে ভাৰত, নেপাল, ভূটান, চীন আৰু ম্যানমাৰক সামৰি লোৱা পূব হিমালয় তৃতীয় মেৰুৰ অংশ যিটো এছিয়া মহাদেশৰ পানী যোগানৰ বাবে অতি গুৰুত্বপূৰ্ণ৷
ইয়াৰ ‘জল টাৱাৰ’বোৰে ব্ৰহ্মপুত্ৰ, গংগা, মেকঙৰ দৰে ডাঙৰ নদীক অনন্তৰূপত পানীৰে জাগ্ৰত কৰি ৰাখে আৰু কৌটি কৌটি লোকক জীৱন ধাৰণত সহায় কৰে৷ প্ৰায় বাৰ হেজাৰৰো অধিক প্ৰজাতিৰ জৈৱ বৈচিত্ৰৰে পৰিপূৰ্ণ এই অঞ্চলটোৰ জলবায়ুৰ প্ৰতি ভয়াৱহ ভাবুকি আহিছে ৷ ভয়াবহ ভৱিষ্যতৰ সন্মুখীন হৈছে জীৱকুল৷ দ্ৰুত হিমবাহৰ গলিত পানীৰ প্ৰবাহত ব্যাঘাত জন্মাইছে তথা বানপানী, ভূমি¦খলন বৃদ্ধি পাইছে ৷
ইয়াৰ নেতিবাচক প্ৰভাব পৰিছে কৃষি, জলবিদ্যুৎ আৰু জৈৱ বৈচিত্ৰৰ ওপৰত৷ ইতিমধ্যে ভাৰত আৰু বাংলাদেশৰ দৰে দেশত ইয়াৰ গুৰুতৰ প্ৰভাৱ পৰিলক্ষিতও হৈছে ৷ এই সন্ধিক্ষণতে ১৫খন দেশৰ ৮০ বিশিষ্ট ব্যক্তিক একত্ৰিত কৰি জলবায়ু ব্যৱস্থাৰ ভৱিষ্যত আৰু কোটি কোটি লোকৰ জীৱনৰ বাবে জলবায়ুৰ ওপৰত জৰুৰী অৱস্থা আৰু তৃতীয় মেৰুত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা অন্বেষণ কৰি তৃতীয় মেৰুৰ ভৱিষ্যত আৰু পূব হিমালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব ৷
ইফালে, ভাৰত আৰু বৃস্তিত তৃতীয় মেৰু অঞ্চলৰ বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সংস্থা দ্য এনাৰ্জি এণ্ড ৰিচ’ৰ্ছ ইনষ্টিটিউটৰ ৫০ বছৰীয়া জয়ন্তী উদযাপনৰ সমান্তৰালভাৱে এই আলোচনা চক্ৰ আয়োজন কৰা হৈছে ৷ সংবাদমেলত উপস্থিত থকা কংগো গণৰাজ্যৰ কাছাইৰ বাকৱা লুণ্টু জনগোষ্ঠীৰ পৰম্পৰাগত শাসক এইচ আৰ এইচ ৰাণী ডিয়াম্বি কাবাটুছুইলা কয় ‘মই ইয়ালৈ আহি উৎসাহিত হৈছো ৷
বিশ্ব এক কঠিন প্ৰত্যাহ্বানৰ সন্মুখিন হৈছে৷ আমি নিজে উৎপন্ন কৰা পৰিৱেশ ব্যৱস্থাটোৰ পৰা আঁতৰি আমাৰ থলুৱা ব্যৱস্থালৈ ঘূৰি লাগিব যিয়ে প্ৰকৃতিৰ সৈতে আমাৰ সম্পৰ্ক দৃঢ় কৰিছিল৷ পৰিৱেশৰ প্ৰতি আমাৰ সম্পৰ্কটো পবিত্ৰ আছিল৷ কিন্তু আমি আঁতৰি আহি নিজে বিপদত পৰিছো৷ থলুৱা জ্ঞান আৰু প্ৰজ্ঞাক অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ দৃষ্টিভংগী বৃদ্ধি কৰিব লাগিব৷ আমি উন্নয়নৰ পুনৰ ধাৰণা কৰিব লাগিব৷’
উল্লেখ্য যে ‘তৃতীয় মেৰু আৰু হিমসাগৰ (পূব হিমালয়) ৰ ভৱিষ্যত’ শীৰ্ষক এইবাৰৰ মঞ্চত জৰুৰীভাৱে জটিল পৰিৱেশ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব৷ পূব হিমালয় তথা উত্তৰ-পূব ভাৰত, নেপাল, ভূটান, তিব্বত, ম্যানমাৰ, উত্তৰ বংগ আৰু বাংলাদেশক সামৰি লোৱা হিমসাগৰ পৰিৱেশ তন্ত্ৰ আৰু জীৱিকাৰ বাবে অতি প্ৰয়োজনীয়৷ ইয়াৰ নদীসমূহ যেনে তীস্তা, ব্ৰহ্মপুত্ৰ আৰু গংগাৰ জল সুৰক্ষা তথা কৃষি আৰু জৈৱ বৈচিত্ৰত জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক বৰফ গলি যোৱা আৰু ঋতুভিত্তিক প্ৰবাহত ব্যাঘাত জন্মাইছে৷ ইয়াৰ ফলত ভৈয়ামত থকা লাখ লাখ লোক বানপানীৰ সমস্যাত ভুক্তভূগি হোৱাৰ লগতে জীৱন-জীৱিকাৰ প্ৰতিও ভাবুকি আহিছে৷
উল্লেখ্য যে ভূমি ৰূপান্তৰৰ বাবে বনাঞ্চল ধ্বংস হোৱাৰ ফলত মাটিৰ খহনীয়া অধিক ব্যপক হৈ পৰিছে আৰু কাৰ্বন শোষণ হ্ৰাস পাইছে৷ উত্তৰ-পূব ভাৰতে ২০০১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত ১৭,৬৫০ বৰ্গ কিলোমিটাৰ গছৰ আৱৰণ হেৰুৱাই জলবায়ুৰ প্ৰভাৱ তীব্ৰতৰ কৰি তুলিছে৷ অস্থায়ী কৃষি আৰু সম্পদ আহৰণৰ দৰে মানৱীয় কাৰ্যকলাপে পৰিৱেশ তন্ত্ৰক আৰু অধিক অৱনতি ঘটাইছে৷ হিমবাহৰ গলনাংক আৰু বনাঞ্চল ধ্বংসকে ধৰি জলবায়ু পৰিৱৰ্তনৰ প্ৰতি দুৰ্বল অঞ্চল উত্তৰ-পূব ভাৰতৰ বাবে এইবাৰৰ মঞ্চত আলোচ্য বিষয়টো অতি প্ৰয়োজনীয়৷ ব্ৰহ্মপুত্ৰ নদীত হিমবাহৰ গলনাংক আৰু অস্বাভাৱিক বাৰিষাৰ ফলত প্ৰলয়ংকাৰী বানপানীৰ সন্মুখীন হৈ খেতি, আন্তঃগাঁথনি, জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷ এই প্ৰত্যাহ৩ানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ দীৰ্ঘম্যাদী বহনক্ষমতা আৰু স্থিতিস্থাপকতাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷
এইবাৰ মঞ্চত জলভাগ ব্যৱস্থাপনা, সীমা অতিক্ৰম কৰা জল সহযোগিতা, বন সংৰক্ষণ, নবীকৰণযোগ্য শক্তি, বহনক্ষম ভূমি ব্যৱস্থাপনা, সম্প্ৰদায়ৰ নেতৃত্বত সংৰক্ষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাকে ধৰি পূব হিমালয়, বিশেষকৈ উত্তৰ-পূব ভাৰতৰ মূল প্ৰত্যাহ৩ানসমূহৰ সমাধান উলিয়াবলৈ দেশী-বিদেশী বিশেষজ্ঞই মত আগবঢ়াব৷ ইফালে, আলোচনাচক্ৰৰ লগতে তৃতীয় মেৰু আৰু অঞ্চলটোৰ বহনক্ষমতাৰ বাবে যুৱক-যুৱতীসকলৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন বিশ্ববিদ্যালয়তো ছাত্ৰ-ছাত্ৰীক জড়িত কৰি বিশেষ আলোচনা চক্ৰ আয়োজন কৰা হ’ব৷ উল্লেখ্য যে ২০০৭ চনত প্ৰতিষ্ঠা হোৱা বালিপাৰা ফাউণ্ডেচনে গ্ৰাম্য জনগোষ্ঠীৰ সৈতে অংশীদাৰিত্ব কৰি বনাঞ্চল পুনৰুদ্ধাৰ, দৰিদ্ৰতাৰ চক্ৰ ভংগ আৰু সংৰক্ষণৰ জৰিয়তে অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ ক্ষেত্ৰত অবিৰত তথা অগনিত ফলপ্ৰসু পদক্ষেপ হাতত লৈছে৷