/asomiyapratidin/media/media_files/2025/10/04/jamuna-mukh-10-2025-10-04-18-43-16.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত পূৱ হাতীচোঙৰ ফুলনিআটি গাঁৱত আজি দিনদুপৰতে এক চুৰিকাণ্ড সংঘটিত হয়৷ জানিব পৰা মতে, যমুনামুখ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা পিংকী হাজৰিকা আৰু ক্ষুদ্ৰ উদ্যোগী দীপজ্যোতি হাজৰিকাৰ ফুলনিআটিৰ গৃহত কোনো লোক নথকাৰ সুযোগতে এই চুৰিকাণ্ড সংঘটিত হয়৷
আজি দিনৰ প্ৰায় ১১-৩০ বজাত পিংকী হাজৰিকাই ভাতৃ দীপজ্যোতিৰ সৈতে নগাঁও চহৰলৈ বিশেষ কামত গৈ বিয়লি প্ৰায় দুই বজাত নিজ গৃহত উপস্থিত হৈ ঘৰত চুৰি হোৱাৰ বিষয়ে জানিব পাৰে৷ চোৰে ঘৰৰ পিছ দুৱাৰেৰে ভিতৰত প্ৰবেশ কৰি বিভিন্ন আচবাব লণ্ডভণ্ড কৰাৰ লগতে ভিতৰত থকা ষ্টীলৰ আলমিৰা খুলি নগদ ধন, সোণৰ চেইন দুডাল, সোণৰ আঙুঠি দুটা, সোণৰ খাৰু পাঁচ যোৰ আৰু সোণৰ কাণ ফুলি এযোৰসহ বহুখিনি আ-অলংকাৰসহ প্ৰায় পাঁচ লক্ষাধিক টকাৰ আ-অলংকাৰখিনি চোৰে লৈ যায়৷
পিছত এই চুৰিকাণ্ডৰ সম্পৰ্কত জাজৰি থানাৰ আৰক্ষীক খবৰ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টমিল বৰাই আৰক্ষী বাহিনী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক জেহিদুৰ ৰহমানৰ সৈতে আহি চৰজমিন তদন্তৰ চলায় যদিও এই পৰ্যন্ত কোনোধৰণৰ সম্ভেদ পোৱা নাই৷ মনকৰিবলগীয়া যে, আজি কিছুদিন আগতও অনুৰূপ ধৰণে বটদ্ৰৱা থানৰ অন্তৰ্গত সৰুহিছা, বৰহিছা গাঁও, জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি আৰু চকলাঘাটৰ পুৰণা খাটোৱাল গাঁৱত চুৰিকাণ্ড সংঘটিত হৈছিল৷
সেয়ে এনে চুৰিকাৰ্য ৰোধ কৰাৰ বাবে আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে গঞাৰাইজে।