কোভিড-১৯ঃ হোম কোৱাৰেণ্টাইনত পূব গোৱালপাৰাৰ বিধায়ক…

কোভিড-১৯ঃ হোম কোৱাৰেণ্টাইনত পূব গোৱালপাৰাৰ বিধায়ক…

ডিজিটেল সংবাদ, গোৱালপাৰা: সমগ্ৰ ৰাজ্যতে ঘাতক কোৰোনা ভাইৰাচ সংক্ৰমণৰ ৰোগীৰ সংখ্যা বৃদ্ধি হ'বলৈ লৈছে।ইয়াৰ প্ৰতি লক্ষ্য কৰি চৰকাৰৰ কঠোৰ নিৰ্দেশত স্বাস্থ্য বিভাগে প্ৰয়োজনীয় সকলো ব্যৱস্থাই হাতত লৈছে।ফলত বহি:ৰাজ্যৰ বা দিল্লী ফেৰৎ সকলো ব্যক্তিকে চিনাক্ত কৰি আইছ'লেচ্যন তথা হোম কোৱাৰেণ্টাইনত ৰখা হৈছে।বিশেষকৈ দিল্লীৰ নিজামুদ্দিন কাণ্ড সংঘটিত হোৱাৰ পিছতে ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগ যুদ্ধকালীন তৎপৰতাৰে ইয়াৰ লগতে সংগতি থকা বা দিল্লী ফেৰৎ প্ৰতিজন ব্যক্তিক চিনাক্ত কৰি কোৱাৰেণ্টাইন কৰাৰ বাবে জিলাই জিলাই চলিছে ব্যাপক অভিযান।ইয়াৰ পৰা জনপ্ৰতিনিধিকো ৰেহাই দিয়া হোৱা নাই।

ৰবিবাৰে গোৱালপাৰা জিলা স্বাস্থ্য বিভাগে দিল্লী ফেৰৎ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমকো হোম কোৱাৰেণ্টান কৰে।জানিব পৰা মতে,দিল্লীৰ নিজামুদ্দিন এলেকাত বিধায়ক ৰছিদ আলমৰ ফোন লোকেচন ট্ৰেকিঙ হোৱাৰ তথ্য আৰু তেওঁ ১৬মাৰ্চ তাৰিখৰ নিশা দিল্লীৰ পৰা বিমানযোগে উভতি অহাৰ তথ্য বিমান বন্দৰৰ পৰা লাভ কৰাৰ পিছতে ৰবিবাৰে জিলা স্বাস্থ্য বিভাগে বিধায়ক ৰছিদ আলমক গোৱালপাৰা কিছমৎপুৰৰ নিজ বাসভৱন আইছ'লেচ্যনৰ বাবে হোম কোৱাৰেণ্টাইন কৰে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ১ মাৰ্চ বুধবাৰে মাজনিশা নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে দিল্লী নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা গোৱালপাৰাৰ তিনিজনকৈ লোকৰ দেহত ঘাতক কোৰোনা ভাইৰাচ ধৰা পৰা বুলি ঘোষণা কৰাৰ পিছতে মাজনিশাৰ পৰাই সমগ্ৰ জিলাখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে।ইয়াৰে এজন কোভিড-১৯ আক্ৰান্ত ৰোগী বিধায়ক ৰছিদ আলমৰ কিছমৎপুৰস্থিত নিজ বাসভৱনৰ নিচেই কাষৰ।এনে সন্ধিক্ষণত দায়িত্বশীল জনপ্ৰতিজনে যোৱা ১৬ মাৰ্চৰ নিশা দিল্লীৰ পৰা উভতি অহাৰ পিছতো স্বাস্থ্য পৰীক্ষা নকৰা বা নিজকে আইছ'লেচ্যনত নাৰাখি জিলা উপায়ুক্তৰ স'তে মেল মিটিং কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠানত অংশ লোৱাত সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে ৰবিবালে বিধায়কজনে পশ্চিম সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ সৈতে কোভিড আক্ৰান্ত তিনিজন ৰোগীৰ খবৰ ল'বলৈ গৈ অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত হাস্পতাল কৰ্তৃপক্ষৰ লগত এখন মিটিঙতো উপস্থিত হৈছিল।

বিধায়কজনৰ প্ৰতিক্ৰিয়া জানিবৰ বাবে টেলিফোনিক যোগাযোগ কৰাত তেওঁ কয় যে-যোৱা ১৬ মাৰ্চত পুৱা আন্ত:ৰাষ্ট্ৰীয় লোক প্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰৰ পৰা বিধায়ক ৰছিদ আলমে দিল্লী লৈ গৈছিল আৰু আৰু নিশাৰ ভাগত পুনৰ উভতি আহিছিল।তেওঁ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা নাছিল বুলি স্পষ্ট কৰে।তেওঁ সমষ্টি সংকোচন সন্দৰ্ভত দিল্লী উচ্চতম ন্যায়ালয়ত এখন লেখ আবেদন কৰিবলৈ এজন অধিবক্তাক লগ ধৰি নিশাৰ ভাগত বিমান যোগে পুনৰ উভতি আহিছিল।কোৰোনা ভাইৰাচৰ বিশ্ব জুৰি ভয়াৱহ পৰিস্থিতি আৰু আতংক চলি থকা অৱস্থাতে তেওঁ দিল্লীৰ পৰা উভতি অহাৰ সময়ত তেওঁক বিমান বন্দৰত স্কেনিক কৰা হৈছিল বুলি জানিব দিয়ে।

তেওঁ আৰু কয় যে ৰবিবাৰে নিশা জিলা স্বাস্থ্য বিভাগৰ এটি দলে তেওঁক হোম কোৱাৰেণ্টাইন কৰে।অৱশ্যে বিধায়কজনে দিল্লীৰ পৰা উভতি অহা ১৯ দিন পাৰ হৈছে আৰু তেওঁৰ গাত কোৰোনা ভাইৰাচ সংক্ৰমণ হোৱাৰ অদ্যাপি কোনো লক্ষণ নাই বুলি বিধায়ক ৰছিদ আলমে দাবী কৰিছে।তৎসত্বেও কোভিড-১৯ৰ পৰীক্ষা কৰাৰ বাবে দিল্লী ফেৰৎ বিধায়ক আলমৰ অনুৰোধ মৰ্মে আজি তেওঁৰ নমুনা সংগ্ৰহ কৰিছে স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in