বিটিচি পৰিষদীয় নিৰ্বাচনত বিবেক ভোট দিয়াৰ আহ্বান অসম ভৈয়াম জনজাতি পৰিষদৰ

অসম ভৈয়াম জনজাতি পৰিষদে বিটিচি নিৰ্বাচনত প্ৰাৰ্থী দিব বুলি প্ৰচাৰিত হোৱা বাতৰিৰ পৰিপ্ৰেক্ষিতত বিবৃতিটোত পিটিচিএৰ সাধাৰণ সম্পাদক বড়োই বিশেষ কাৰণবশত নিৰ্বাচনত অংশগ্ৰহনৰ পৰা বিৰত থকা বুলি জানিব দিয়ে।

author-image
Asomiya Pratidin
New Update
ndfb

ডিজিটেল সংবাদ,বৰমা:  অসম ভৈয়াম জনজাতি পৰিষদ চমুকৈ পিটিচিএৰ সাধাৰণ সম্পাদক থানেশ্বৰ বড়োই আগন্তুক নিৰ্বাচন সন্দৰ্ভত আজি এক বিজ্ঞপ্তি প্ৰকাশ কৰে। বিজ্ঞপ্তি যোগে শ্ৰী বড়োই আগন্তুক ২২ চেপ্তেম্বৰত অনুষ্ঠিত হবলগীয়া বিটিচি পৰিষদীয় নিৰ্বাচনত দলীয় কৰ্মী তথা ভোটাৰ ৰাইজক নিজৰ বিবেচনাধীন উপযুক্ত প্ৰাৰ্থীক বিবেক ভোট প্ৰদানৰ আহ্বান জনায় ৷

উল্লেখ্য যে, অসম ভৈয়াম জনজাতি পৰিষদে বিটিচি নিৰ্বাচনত প্ৰাৰ্থী দিব বুলি প্ৰচাৰিত হোৱা বাতৰিৰ পৰিপ্ৰেক্ষিতত বিবৃতিটোত পিটিচিএৰ সাধাৰণ সম্পাদক বড়োই বিশেষ কাৰণবশত নিৰ্বাচনত অংশগ্ৰহনৰ পৰা বিৰত থকা বুলি জানিব দিয়ে।

তাৰোপৰি সকলো শ্ৰেণীৰ লোকক শান্তিপূৰ্ণ ভাবে ভোটদান কৰাৰ কাৰণে আহ্বান জনাই অসম ভৈয়াম জনজাতি পৰিষদৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

বিটিচি