চাহ বাগিছাৰ শ্ৰমিকৰ বাবে এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা বিধায়ক পদ্ম হাজৰিকাৰ

চতিয়াৰ দিকৰাই চাহ বাগিচাৰ শ্ৰমিক ৰাইজ তথা ৰোগীসকলৰ সুবিধাৰ্থে বিধায়ক পদ্ম হাজৰিকাই আগবঢ়াইছে এখন নতুন এম্বুলেঞ্চ বাহন

author-image
Asomiya Pratidin
New Update
536

ডিজিটেল সংবাদ, জামুগুৰিহাট : চতিয়াৰ দিকৰাই চাহ বাগিচাৰ শ্ৰমিক ৰাইজ তথা ৰোগীসকলৰ সুবিধাৰ্থে বিধায়ক পদ্ম হাজৰিকাই আগবঢ়াইছে এখন নতুন এম্বুলেঞ্চ বাহন ৷ বৃহস্পতিবাৰে এই নতুন এম্বুলেঞ্চখনৰ ছাবি বাগিছাখনৰ পৰিচালকৰ হাতত  অৰ্পন কৰি এম্বুলেঞ্চ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মধ্য নাগশংকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই ৷

সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকাই আগবঢ়োৱা এম্বুলেঞ্চ সেৱাৰ জৰিয়তে দিকৰাই চাহ বাগিছাৰ অধীনৰ পাচটা শাখা তথা ডিভিজনৰ শ্ৰমিক ৰাইজ নিশ্চিতভাৱেই উপকৃত হ'ব । ৰোগীসকলক অনা -নিয়া কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ'ব বুলি মন্তব্য কৰে পৰিচালকগৰাকীয়ে। লগতে তেওঁ শ্ৰমিক ৰাইজৰ হৈ বিধায়কগৰাকীৰ প্ৰতি ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে ৷

পদ্ম হাজৰিকা