/asomiyapratidin/media/media_files/2025/04/01/F3O09IFZ8nZLzbYUIPav.jpg)
ডিজিটেল ডেস্কঃ ৭.৫ কোটি সদস্যৰ এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যনে ( ইপিএফঅ ’) অটো ছেটেলমেণ্ট অৱ এডভান্সড ক্লেইম (এএছএচি) সীমা বৰ্তমান ১ লাখ টকাৰ পৰা পাঁচগুণ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। সূত্ৰৰ খবৰ অনুসৰি, যোৱা সপ্তাহত অনুষ্ঠিত কেন্দ্ৰীয় বোৰ্ড অৱ ট্ৰাষ্টী (চিবিটি)ৰ কাৰ্যনিৰ্বাহক সমিতিৰ (ইচি) ১১৩ সংখ্যক বৈঠকত শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ সচিব সুমিতা ডাৱৰাই ১ লাখ টকাৰ পৰা ৫ লাখ টকালৈ সীমা বৃদ্ধি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
যোৱা ২৮ মাৰ্চত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত অনুষ্ঠিত হোৱা বৈঠকত ইপিএফঅ’ৰ কেন্দ্ৰীয় ভৱিষ্য নিধি আয়ুক্ত ৰমেশ কৃষ্ণমূৰ্তি উপস্থিত থাকে। এতিয়া এই পৰামৰ্শ চিবিটিৰ অনুমোদনৰ বাবে যাব। চিবিটিৰ অনুমোদনৰ পিছত ইপিএফঅ’ৰ সদস্যসকলে ৫ লাখ টকা পৰ্যন্ত পিএফ উলিয়াব পাৰিব।
উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ মে’ মাহত ইপিএফঅ’ই এডভান্সড ক্লেইম লিমিটৰ অটো ছেটেলমেণ্ট ৫০ হাজাৰ টকাৰ পৰা ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। ইপিএফঅ'ই আৰু ৩টা শিতানৰ বাবে আগধন দাবীৰ অটো মোড নিষ্পত্তিও প্ৰৱৰ্তন কৰিছে। সেই তিনিটা শিতান হৈছে শিক্ষা, বিবাহ, আৰু গৃহ নিৰ্মাণ। ইয়াৰ পূৰ্বে সদস্যসকলে কেৱল অসুস্থতা/চিকিৎসালয়ত ভৰ্তিৰ উদ্দেশ্যে পি এফ উলিয়াব পাৰিছিল।