সাংবাদিক আক্ৰমণৰ ঘটনাকে ধৰি একাধিক দাবীৰে ভিন্ন প্ৰান্তত প্ৰতিবাদ

অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ আৰম্ভণিতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প নিবেদন কৰি সকলো সাংবাদিককে শ্ৰদ্ধাৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

author-image
Asomiya Pratidin
New Update
550

ডিজিটেল সংবাদ, উত্তৰ গুৱাহাটী : সদৌ অসম বাৰ্তাজীৱী সংঘৰ আহ্বান মৰ্মে যোৱা ১৫ অক্টোবৰত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দোষী ব্যক্তিসকলক বাক্সা জিলা কাৰাগাৰলৈ লৈ অহা অৱস্থাত এচাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে কৰ্তব্যৰত সাংবাদিকক প্ৰহাৰ কৰা আৰু ডি ৱাই ৩৬৫ৰ বাহন জ্বলাই দিয়াৰ প্ৰতিবাদত শুকুৰবাৰে কামৰূপ জিলা সাংবাদিক সন্থাই জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।

অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ আৰম্ভণিতে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্প নিবেদন কৰি সকলো সাংবাদিককে শ্ৰদ্ধাৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

কামৰূপ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তৰণী চৰণ কলিতাই আঁত ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন মেধিয়ে গণশিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় যে আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত আজি সমগ্ৰ অসম তথা সমগ্ৰ বিশ্ববাসী শোকত ম্ৰিয়মান। শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ লগতে ন্যায় প্ৰদানৰ বাবে দিনে নিশাই সংবাদ পৰিবেশন কৰি আহিছে সাংবাদিকসকলে।

মেধিয়ে গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰতাৰে কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে যোৱা ১৫ অক্টোবৰত বাক্সা জিলাৰ নিকাচীত সাংবাদিক সকলক প্ৰহাৰ কৰাৰ লগতে সংবাদ মাধ্যমৰ বাহক এচাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে জ্বলাই দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে চৰকাৰে কৰ্তব্যৰত সাংবাদিকক সুৰক্ষা প্ৰদান কৰিব নোৱাৰা কাৰ্য্যকো চোকা ভাষাৰে সমালোচনা কৰে।

WhatsApp Image 2025-10-17 at 6.15.20 PM

তেওঁ লগতে চৰকাৰক সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে অসম বিধানসভাৰ আগন্তুক অধিবেশনত কঠোৰ সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়। ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি অসম বাৰ্তাজীৱী সংঘৰ উপ সভাপতি অঞ্জন শৰ্মাই শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি কয় জুবিন গাৰ্গৰ মৃত্যুক অসম বাসীয়ে সহজ ভাবে লোৱা নাই।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত নিৰপেক্ষ আৰু পানী নসৰকা হ'ব লাগিব। তেওঁ লগতে কয় শিল্পী জুবিন গাৰ্গক ন্যায় কৰাৰ ক্ষেত্ৰত অবিৰত ভাৱে লাগি থকা সাংবাদিকক প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই ঘটনাক অসম চৰকাৰৰ গৃহ বিভাগৰ চৰম ব্যৰ্থতা বুলি চোকা সমালোচনা কৰে।

সাংবাদিকসকলক চৰকাৰে সুৰক্ষা প্ৰদান কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলিও তেওঁ তীব্ৰ ভাষাৰে নিন্দা কৰে। ১৯৮৬ চনত তামুলপুৰৰ অসমৰ প্ৰথমজন শ্বহীদ সাংবাদিক আজিৰ অসম কাকতৰ সাংবাদিক মুনুকণ বৰাৰ পৰা কমলা শইকীয়া,পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱলাকে ধৰি ৩০ গৰাকী সাংবাদিকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি অসমৰ স্বাৰ্থত শ্বহীদ হ'ল যদিও আজিলৈকে কোনো এজন শ্বহীদ সাংবাদিক পৰিয়ালক চৰকাৰে ন্যায় প্ৰদান কৰিবলৈ সক্ষম নোহোৱাত তেওঁ গভীৰ আক্ষেপ কৰে।

সাংবাদিকসকলেই চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বা-বাতৰি প্ৰকাশ কৰাৰ লগতে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ চৰকাৰৰ ওচৰত দাঙি ধৰি সামাজিক মূল্যবোধৰ পৰিচয় দাঙি ধৰি আহিছে যদিও সেই সাংবাদিক সকলেই আজি তাৰিখত শোষিত আৰু নিস্পেষিত হৈ আছে বুলিও শৰ্মাই লগতে কয়। চিকিৎসক, বেংক কৰ্মচাৰী সকলৰ যিদৰে কৰ্মৰত অৱস্থাত সুৰক্ষা প্ৰদানৰ বাবে আইন আছে, একেদৰে সাংবাদিকৰ বাবেও আইন প্ৰনয়ণ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ সাংবাদিক সকলৰ ন্যায় আৰু সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অসম বিধানসভাৰ আগন্তুক অধিবেশনত কঠোৰ সাংবাদিক সুৰক্ষা প্ৰদান আইন প্ৰস্তুত কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনায়।

বাৰ্তাজীৱী সংঘৰ ধৰ্মঘট কাৰ্য্যসূচী সমৰ্থন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যালয় সম্পাদক ভৱজ্যোতি ডেকাই বাক্সা জিলাৰ নিকাছিত কৰ্তব্যৰত সাংবাদিকক এচাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষী ব্যক্তি সকলক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। তেওঁ লগতে কয় যে শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পুংখানুপুংখভাৱে তদন্ত কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী জনায়।

তেওঁ অসমৰ ৰাইজক শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনায়। ধৰ্মঘট কাৰ্য্যসূচী নেতৃত্ব প্ৰদান কৰি কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি প্ৰকাশ ডেকাই যোৱা ১৫ অক্টোবৰত এচাম ছদ্মবেশী শিল্পী জুবিন গাৰ্গ অনুৰাগীয়ে সাংবাদিক সকলক প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এনে ঘটনাৰ লগত জড়িত ব্যক্তিক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

তেওঁ লগতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰক সাংবাদিক সকলক সুৰক্ষা প্ৰদান নিশ্চিত কৰাৰ বাবে এখন আইন প্ৰস্তুত কৰাৰ বাবে দাবী জনায়। ধৰ্মঘট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱজ্যোতি দাসে সাংবাদিকক প্ৰহাৰ কৰা কাৰ্য্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।

শেষত গণশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ লগতে যোৱা ১৫ অক্টোবৰত বাক্সা জিলাত সাংবাদিকক প্ৰহাৰ কৰা ঘটনাৰ লগত জড়িত ব্যক্তিৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা উপৰিও সাংবাদিক সকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সাংবাদিক সুৰক্ষা আইন প্ৰস্তুত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই এখন স্মাৰক পত্ৰ কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা হয়। 

কামৰূপ জিলা আয়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ভাস্কৰ জ্যোতি কলিতাই। ধৰ্মঘট কাৰ্য্যসূচীত কামৰূপ জিলা সাংবাদিক সন্থাৰ উপ সভাপতি ধীৰাজ দাসৰ লগতে কেইবাজনো বিষয়ববীয়াৰ লগতে জিলাখনৰ ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে।

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজপথত সাংবাদিক...

অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত আৰু বাক্সা জিলাৰ নিকাছিত সাংবাদিকক কৰা বর্বৰ আক্ৰমণ আৰু সংবাদ মাধ্যমৰ বাহন জ্বলাই দিয়া ঘটনাৰ প্ৰতিবাদত ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ উদ্যোগত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়। ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মূখত এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হয়।

WhatsApp Image 2025-10-17 at 6.38.04 PM

ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীক  ধুবুৰী উকীল সন্থায়ো সমৰ্থন জনাইছে।

সাংবাদিক