/asomiyapratidin/media/media_files/2025/08/23/146-2025-08-23-19-29-19.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : জমিয়ত উলেমা ই-হিন্দৰ বিৰুদ্ধে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ ছ’চাইটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ববিদ্যালয়ৰ তোৰণৰ সন্মুখত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টছ ছ’চাইটীৰ উদ্যোগত শিক্ষাৰ্থীসকলে প্ৰতিবাদ সাব্যস্ত কৰি জমিয়ত উলেমা ই-হিন্দৰ মুৰব্বী মৌলনা মাছাদ মাদানীৰ পুত্তলিকা দাহ কৰে ৷
প্ৰতিবাদকাৰীসকলে বাংলাদেশী গ’ বেগ, মৌলনা মাছাদ মাদানী গ’ বেগ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে জমিয়ত উলেমা ই-হিন্দৰ মুৰব্বী মৌলনা মাছাদ মাদানীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী জনোৱাৰ লগতে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল ৷
মাদানীৰ এই কাৰ্যত ক্ষুণ্ণ হৈ ছাত্ৰ সংগঠনটোৱে আজি বিশ্ববিদ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জমিয়ত উলেমা ই-হিন্দক নিষিদ্ধ ঘোষণা কৰাৰ লগতে সংগঠনটোৰ নেতা মাদানীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷
কাহিলিপাৰাতো প্ৰতিবাদ -
জমিয়ত উলেমা হিন্দৰ বিৰুদ্ধে মহানগৰীৰ কাহিলিপাৰতো উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাহিলীপাৰাত আছাদ মাদানীৰ পুত্তলিকা দাহ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।
উল্লেখযোগ্য যে, শনিবাৰে টাইপা আৰু কাহিলীপাৰা ৰাইজৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হয়। প্ৰতিবাদকাৰীসকলে একেমুখে কয় যে, ‘অসমত মিঞাৰ দপদপনি চলিবলৈ দিয়া নহ'ব’, মিঞাক টাই আহোম যুৱ পৰিষদ, অসমে এনেদৰে হুংকাৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলে।