/asomiyapratidin/media/media_files/2025/08/26/web-ap-protest-2025-08-26-18-37-38.jpg)
ডিজিটেল সংবাদ, নতুন দিল্লীঃ নতুন দিল্লীৰ কনষ্টিটিউচন ক্লাৱত "এছচিয়েছন ফৰ প্ৰটেকচন অফ চিভিল ৰাইটছ"ৰ উদ্যোগত " "পিপলছ ট্ৰিবিউনেল অন আছাম এভিকছন, ডিটেনচন এণ্ড দ্য ৰাইট টু বিলংগ" শীৰ্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হয়।
পিছে এই আলোচনাচক্ৰ চলি থাকোতেই একাংশ প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰি " বাংলাদেশী মুৰ্দাবাদ, প্ৰশান্ত ভূষণ মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ" শ্লোগানৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
এই আলোচনাচক্ৰত উপস্থিত আছিল অসমৰ আমচুৰ ইমতিয়াজ হুছেইন, এ বি এম ছুৰ টাইচন হুছেইন, প্ৰাক্তন গৃহ সচিব জি কে পিল্লাই, অৱসৰপ্ৰাপ্ত ন্যাধীশ ইকবাল আনছাৰী, চৈয়দা হামিদা, হৰ্ষ মাণ্ডেৰ আৰু প্ৰশান্ত ভূষণ৷ প্ৰতিবাদকাৰীৰ প্ৰৱেশৰ পাছতে আলোচনাচক্ৰত সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ।
পিছে এই হুলস্থুলৰ পিছত পুনৰ শান্তিপূৰ্ণভাৱে আৰম্ভ হয় আলোচনাচক্ৰ খন৷ এই ঘটনাৰ পাছতে সৃষ্টি হৈছে ব্য়াপক প্ৰতিক্ৰিয়াৰ।