জনজাতিকৰণৰ দাবীত প্ৰতিবাদকাৰীয়ে কঁপালে ৰাজধানী দিল্লী

মন্ত্ৰী গোটৰ প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰলৈ প্ৰেৰণৰ দাবী প্ৰতিবাদকাৰীৰ ২০২৬ ৰ নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ দাবী টাই আহোম যুৱ পৰিষদৰ

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নতুন দিল্লীঃ   দিল্লীৰ যন্তৰ মন্তৰত আজি টাই আহোম যুৱ পৰিষদে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবী লৈ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। টাইপাৰ সভাপতি দিগন্ত তামুলীৰ নেতৃত্বত বহু সংখ্যক টাই আহোম সদস্যই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্য্যসূচীত।

প্ৰতিবাদৰ মাজতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিবেদনৰ ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিলে তাক শলাগ লয় টাইপাৰ সদস্য সকলে। বিধানসভাত দাখিল কৰা জনজাতিকৰণ সম্পৰ্কীয় প্ৰতিবেদন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ বাবে সংগঠনে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

লগতে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “অসম চৰকাৰে যি দায়িত্ব পালন কৰিছে, সেই পদক্ষেপ ঐতিহাসিক। এতিয়া কেন্দ্ৰীয় চৰকাৰে দ্ৰুত সিদ্ধান্ত ল’ব লাগিব।” টাই আহোম যুৱ পৰিষদে স্পষ্ট ভাষাত জনায় - “অসমীয়াৰ স্বত্বাধিকাৰ, সংৰক্ষণ আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ একমাত্র পথ জনজাতিকৰণ।” কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰই ইতিবাচক সিদ্ধান্ত ল’বলৈ তেওঁলোকে দাবী জনায়।

টাই আহোম যুৱ পৰিষদ