কৃষ্ণপুৰত উচ্ছেদ কাৰ্যত বাধা নগা ৰাইজৰ

গোলাঘাট জিলাৰ অসম -নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উৰিয়ামঘাটত সোমবাৰে দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে কৃষ্ণপুৰত হঠাতে নগা লোক উপস্থিত হৈ উচ্ছেদ কাৰ্যত বাধা দিয়ে

author-image
Asomiya Pratidin
New Update
117

ডিজিটেল সংবাদ, গোলাঘাট : গোলাঘাট জিলাৰ অসম -নাগালেণ্ড সীমান্তৰ বিবদমান এলেকাৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উৰিয়ামঘাটত সোমবাৰে দ্বিতীয় পর্যায়ৰ উচ্ছেদ অভিযান চলি থকাৰ মাজতে কৃষ্ণপুৰত হঠাতে নগা লোক উপস্থিত হৈ উচ্ছেদ কাৰ্যত বাধা দিয়ে । নগাসকলে উচ্ছেদ কৰি থকা এছ্কেভেটৰ আঁতৰাই নিবলৈ দাবী কৰে।

ফলত এক উত্তেজনাৰ পৰিৱেশ সৃষ্টি হয় উচ্ছেদস্থলীত। নগা পুৰুষ-মহিলাই  হাতে হাতে দা লৈ ওলাই আহে । উচ্ছেদ অঞ্চলটোলৈ নগালোকসকল সমীপতে থকা লিফাইন বস্তিৰ পৰা আহে ।

নগা লোকসকলে উচ্ছেদ অঞ্চল নাগালেণ্ডৰ বুলি দাবী কৰে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্রণৰ বাবে  ঘটনাস্থলীত গোলাঘাটৰ জিলা প্ৰশাসন, আৰক্ষী অধীক্ষক,সীমান্ত দণ্ডাধীশ আদিৰ লগতে  নাগালেণ্ডৰ প্ৰশাসনৰ লোকৰ লগত পৰিস্থিতি সম্পৰ্কত আলোচনাত মিলিত হৈছে।

উল্লেখযোগ্য যে দুয়োখন ৰাজ্যই এক সৌহার্দ্যপূর্ণ আলোচনামৰ্মে সীমান্তত যোৱা দিনকেইটাত অসম চৰকাৰে  বেদখল উচ্ছেদ চলাইছিল।

উচ্ছেদ