বকোত হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ফাঁচিৰ দাবী...

author-image
Asomiya Pratidin
New Update
বকোত হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ফাঁচিৰ দাবী...

ডিজিটেল সংবাদ,বকো : কামৰূপ জিলাৰ বকোত ভিতুমণি নাথ ( ২২) নামৰ মহিলাগৰাকীৰ হত্যাকাণ্ডৰ ঘটনাৰ আজিও উত্তেজনাই সামকটা নাই । বকো থানাৰ অন্তৰ্গত ২নং উত্তৰ ছেখাদাৰীগাঁৱত বুধবাৰে ভিতুমণি নাথৰ হত্যাকাণ্ডৰ ঘটনাৰ বুজ ল'বলৈ উপস্থিত হয় গোৱালপাৰা জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ সভাপতি হৃদয়ানন্দ নাথসহ এটা সঁজাতি দলে ।

Advertisment

দলটোৱে গাঁৱখনৰ বিভিন্ন লোকৰ সৈতে কথাপাতি ভিতুমণি নাথক যে হত্যাকৰি কুঁৱাত পেলাই দিছিল সেয়া নিশ্চিত হয় । ছাত্ৰ সংগঠনটোৰ দলটোৱে বকোৰ ভিতুমণি নাথৰ হত্যাকাণ্ডৰ ঘটনাটোত ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ লগতে ঘটনাৰ ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি হত্যাকাৰীক ফাঁচি দিবলৈ দাবী জনায়। গোৱালপাৰা জিলা নাথ-যোগী ছাত্ৰ সন্থাৰ দলটোৱে ২নং উত্তৰ ছেখাদাৰীগাঁৱৰ বিভিন্ন লোকৰ সৈতে কথাপাতি ভিতুমণি নাথক ধৰ্ষণ কৰি হত্যা কৰা বুলি নিশ্চিত হয়।

গতিকে দলটোৱে ধৰ্ষণকাৰীক যিধৰণে শাস্তি পাব লাগে আৰক্ষী-প্ৰশাসনৰ ওচৰত তেনেধৰণে শাস্তি বিহিবলৈ দাবী জনায় । ছাত্ৰ সংগঠনটোৰ দলটোৱে আজিৰ তাৰিখলৈ বকোৰ বিধায়িকা নন্দিতা দাসে গাঁৱখনত উপস্থিত নোহোৱাত বিধায়িকাগৰাকীৰ এনে ভূমিত ক্ষোভপ্ৰকাশ কৰে । লগতে ছাত্ৰ সংগঠনটোৱে অনতি পলমে ২নং উত্তৰ ছেখাদাৰীগাঁৱত বিধায়িকা নন্দিতা দাসক উপস্থিত হ'বলৈ আহ্বান জনাই পত্নীৰ বিৰহ-বেদনাত নিজে গঢ়া ঘৰ-দুৱাৰ ভাঙি অইন ঠাইত আশ্ৰয়গ্ৰহণ কৰা ভিতুমণি নাথৰ স্বামী উত্তম নাথক পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দিবলৈ বকোৰ বিধায়িকাগৰাকীক দাবী জনায় ।

আজিও বকোৰ ২নং ছেখাদাৰীগাঁৱৰ মহিলাই গাঁৱখনত 'ভিতুমণি নাথ হত্যাকাণ্ডৰ বিচাৰ লাগে ' , ' মনোৰঞ্জন সূত্ৰধৰক ফাঁচি দিয়ক ' - আদি বিভিন্ন শ্ল'গান দি আকাশ-বতাহ কঁপাই তোলে ।

উল্লেখযোগ্য যে, বকো থানাৰ অন্তৰ্গত ২নং ছেখাদাৰীগাঁৱৰ ভিতুমণি নাথ নামৰ মহিলাগৰাকীৰ তেজলগা মৃতদেহ যোৱা ২৫ অক্টোবৰত ঘৰৰ চৌহদৰ কুঁৱা এটাত উদ্ধাৰ হৈছিল । উত্তম নাথৰ পত্নী আৰু আঢ়ৈ বছৰীয়া কন্যাশিশু এগৰাকীৰ মাতৃ ভিতুমণি নাথৰ মৃতদেহ উদ্ধাৰৰ পিচত স্থানীয় ৰাইজে মহিলাগৰাকীক হত্যা কৰা হৈছিল বুলি একেমুখে দাবী কৰিছিল ।

আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰৰ দিনাই ঘৰৰ কাষৰে মনোৰঞ্জন সূত্ৰধৰ নামৰ লোকএগৰাকীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছে । আনহাতে পত্নীৰ বিৰহ-বেদনাত স্বামী উত্তম নাথে নিজে গঢ়া ঘৰ-দুৱাৰ ভাঙি অইন ঠাইত আশ্ৰয়গ্ৰহণ কৰিছে ।

assam BOKO