/asomiyapratidin/media/media_files/2025/08/06/yhyh-2025-08-06-11-22-50.jpg)
ডিজিটেল সংবাদ, শ্ৰীভূমিঃ শ্ৰীভূমি চহৰৰ গাতে লাগি থকা বটৰশিৰ গাঁৱৰ পৰা টিলাবজাৰ লৈ পথ সংস্কাৰৰ নকৰাকৈ কামৰ কম্পিশন ছাইনবোৰ্ড উলোমাব গৈছিল ঠিকাদাৰৰ ঘনিষ্ঠ লোক । খেদি পঠিয়াই প্ৰতিবাদী ৰাইজে।
ৰাইজৰ অভিযোগ ২০২৩ চনত ৯৩ লাখ ৬৮ হেজাৰ টকা মঞ্জুৰ হৈছিল পথ সংস্কাৰৰ বাবে । ইমান বছৰ পথ সংস্কাৰ নকৰি কপ্লিশন ফলক লগাব গ'লে ৰাইজে প্ৰতিবাদ জনায় । স্থানীয় লোকৰ অভিযোগ বিভাগৰ সৈতে ঠিকাদাৰৰ মিল নেথাকিলে এয়া কেতিয়াও সম্ভব নহয় ।
ৰাইজে পথৰ বাবে জমৰ যাতনা পাই আছে অথচ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ ই সকলো মেনেজ কৰি দি আছে। নিজৰ সমষ্টিৰ ৰাইজক আওকাণ কৰি অহা ২৬ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ উদ্দেশ্যে কাছাৰ জিলাৰ কাটিগড়া সমষ্টিত এতিয়া বাহৰ পাতি থকাৰ ফলত বৰ্তমান সময়তে ঠিকাদাৰ আৰু জৰাজীৰ্ণ পথে যমৰ যাতনা ভুগিব লগা হৈছে উত্তৰ কৰিমগঞ্জ সমষ্টিৰ ৰাইজে। ফলতে বিধায়কৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে স্থানীয় লোকে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us