কৰিমগঞ্জত জিলাখনৰ নাম সলনিৰ বিৰোধিতাৰে গণ অভিবৰ্তন...

কৰিমগঞ্জৰ নাম পুনৰুদ্ধাৰৰ দাবীত "আমৰা কৰিমগঞ্জী" নামৰ নতুনকৈ গঠিত সংগঠন এটাৰ আহ্বানত আজি সন্ধিয়া মহানগৰীৰ মাইজদিহি অঞ্চলৰ গেলাক্সি গাৰ্ডেন বিবাহ ভৱনত এক গণ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-08-25 at 2.18.52 PM

ডিজিটেল সংবাদ,কৰিমগঞ্জঃ  "কলমৰ জোৰত কৰিমগঞ্জৰ নামটো ৰাতিটোৰ ভিতৰতে সলনি কৰি দিলেও ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত ৰাইজে মানি লোৱা নাই। কেতিয়াও মানি নলয়। ছাইনবৰ্ডত শ্ৰীভূমি লিখা হ’লেও কৰিমগঞ্জৰ নাম ৰাইজৰ অন্তৰত লিখা থাকিব"- এই কথা দৃঢ়তাৰে কয় ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা অসমীয়া সংবাদ চেনেল প্ৰতিদিন টাইমছৰ প্ৰধান সম্পাদক নিতুমণি শইকীয়াই। 

Advertisment

দেওবাৰে কৰিমগঞ্জ চহৰত আয়োজিত গণ অভিবৰ্তনত মুখ্য অতিথি হিচাপে ভাষণ দি তেওঁ এই মন্তব্য কৰে। কৰিমগঞ্জৰ নাম পুনৰুদ্ধাৰৰ দাবীত "আমৰা কৰিমগঞ্জী" নামৰ নতুনকৈ গঠিত সংগঠন এটাৰ আহ্বানত আজি সন্ধিয়া মহানগৰীৰ মাইজদিহি অঞ্চলৰ গেলাক্সি গাৰ্ডেন বিবাহ ভৱনত এক গণ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

WhatsApp Image 2025-08-25 at 1.22.36 PM

কৰিমগঞ্জৰ নাম হঠাৎ সলনি হোৱাক লৈ জিলাখনৰ জনসাধাৰণ কিমান ক্ষুব্ধ, সেই প্ৰতিবাদত তেওঁ এই কথা উপলব্ধি কৰে। সংগঠনটোৰ সভাপতি বদৰুল হক চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সম্পাদক জুনেইদ আহমেদে কৰিমগঞ্জ জিলা আৰু চহৰৰ নাম পুনৰুদ্ধাৰৰ দাবীত আন্দোলন আৰম্ভ কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে।

তেওঁ লিখিত ভাষণত কৰিমগঞ্জৰ চমু ইতিহাস দাঙি ধৰে। তাৰ পাছত কৰিমগঞ্জৰ অধিবক্তা সুব্ৰত কুমাৰ পাল, জিলা কংগ্ৰেছৰ সভাপতি তপস পুৰকায়স্থ, জ্যেষ্ঠ অধিবক্তা তথা বৈদেশিক ন্যায়াধিকৰণৰ প্ৰাক্তন ন্যায়াধীশ জ্যোতিষ পুৰকায়স্থ, প্ৰাক্তন মন্ত্ৰী আবু ছালেহ নাজমুদ্দিন, অধিবক্তা তথা কৰিমগঞ্জ নাম পৰিৱৰ্তন প্ৰতিৰোধ সমিতিৰ অন্যতম আহ্বায়ক অৰুণাংছু ভট্টাচাৰ্য, সমাজ কৰ্মী আজিজুৰ ৰহমান তালুকদাৰ আৰু সাধাৰণ সম্পাদক নাগৰিক অধিকাৰ সুৰক্ষা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধন পুৰকায়স্থয়ো নিজৰ ভাষণ ৰাখে।

WhatsApp Image 2025-08-25 at 1.22.34 PM (2)

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দিয়ে ধুবুৰী ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্বেখ হেদায়েতুল্লাই। কৰিমগঞ্জৰ নাম সলনিৰ প্ৰতিবাদত নিতুমণি শইকীয়ায়ো উদাত্ত ভাষণ প্ৰদান কৰে। মাতৃভাষা আৰু মাতৃভূমিৰ প্ৰতি গভীৰ শ্ৰদ্ধা থকাৰ বাবে কৰিমগঞ্জৰ জনসাধাৰণে নিজৰ জিলাখনৰ নাম সলনি কৰা সন্দৰ্ভত মুখ বন্ধ কৰি মানি লোৱা নাই বুলিও মন্তব্য কৰে। প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে।

তেওঁ কয় যে, প্ৰথমতে মই বুজিব পৰা নাছিলো যে কৰিমগঞ্জৰ নাম সলনি সাম্প্ৰদায়িক দৃষ্টিকোণৰ পৰা কৰা হৈছে। যিহেতু কৰিমগঞ্জৰ নামত ‘কৰিম’ শব্দটো আছে, সেইবাবেই নামটো সলনি কৰা হ’ল। অৱশ্যে কৰিম আৰবী শব্দ। ইয়াৰ বাংলা অৰ্থ হৈছে ‘দয়ালু’।

তেওঁ লগতে কয়, গোলাপ ফুলৰ নাম যদি কোনোবাই ডাগ’ৰ ফুল বুলি নামাকৰণ কৰে, তেন্তে গোলাপৰ সৌন্দৰ্য্য হেৰাই যাবনে? চৰকাৰে কৰিমগঞ্জ জিলাৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰা উচিত। উন্নয়নৰ জৰিয়তে কৰিমগঞ্জ সলনি কৰাৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰে জিলাখনৰ নাম সলনি কৰিছে।

WhatsApp Image 2025-08-25 at 1.22.34 PM

কাছাৰ জিলাত ইতিমধ্যে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে। শেহতীয়াকৈ কাছাৰত আন এখন ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে। এইটো এটা ভাল কথা। কিন্তু কৰিমগঞ্জতো বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা গ’লহেতেন৷ কিন্তু চৰকাৰে সেয়া নকৰিলে।

নিতুমণি শইকীয়াই লগতে কয়, ক্ষমতাত থকা অৱস্থাত ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে। এই সন্দৰ্ভত তেওঁ হিটলাৰ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ উদাহৰণ দি কয়, মানুহে হিটলাৰক ঘৃণনীয় ব্যক্তি হিচাপে স্মৰণ কৰে। 

তেওঁ আৰু কয়, যদি আপুনি ক্ষমতালৈ আহি ৰাইজৰ সুবিধাৰ বাবে কাম কৰে তেন্তে মানুহে আপোনাক গোটেই জীৱন স্মৰণ কৰিব। ইয়াৰ মাজতে নিতুমণি শইকীয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি কয় যে সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ প্ৰায়ে বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয় আৰু উন্নয়নৰ কথা কৈছিল। কিন্তু হিমন্তই কেৱল তেওঁলোকৰ-আমাৰ, চিনাকি-অচিনাকিৰ কথাহে কয়।

জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে লগতে কয় যে, নিৰপেক্ষ সাংবাদিকতা বুলি কোনো কথা নাই। সাংবাদিক ৰাইজৰ পক্ষত থাকিব লাগে। মই নিজেও সদায় ৰাইজৰ পক্ষত থাকিবলৈ চেষ্টা কৰো। সেইবাবেই মোক বিভিন্ন সময়ত বিভিন্ন দলৰ দালাল বুলি কোৱা হৈছে। সেইবোৰ কথাত মই গুৰুত্ব নিদিও।

WhatsApp Image 2025-08-25 at 1.22.34 PM (1)

ইফালে অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী অতিথি শ্বেইখ হেদায়েতুল্লাই চিলেটী ভাষীসকলৰ বুদ্ধিমত্তাৰ প্ৰশংসা কৰি কয়, "যেনেকৈ মাকৰ নাম কুৎসিত হ'লেও নাম সলনি কৰাটো কোনেও মানি নলয়, একেদৰে জন্মস্থানৰ নাম সলনি কৰাটো কোনেও মানি নলয়।"

উল্লেখ্য যে, কৰিমগঞ্জৰ নাম পুনৰুদ্ধাৰৰ দাবীত নাগৰিক সমিতিয়ে ৬ ছেপ্টেম্বৰত জিলাখনত ধৰ্মঘটৰ আহ্বান জনায়। সাধন পুৰকায়স্থই কয় যে, ৰাজ্যৰ বঙালীসকলক ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে পংগু কৰাৰ এক ষড়যন্ত্ৰ চলি আছে। সেইবাবেই বৰাকৰ দুখন বিধানসভাৰ আসন হ্ৰাস কৰা হৈছে। 

কৰিমগঞ্জ