/asomiyapratidin/media/media_files/2025/08/07/34-2025-08-07-11-06-30.jpg)
ডিজিটেল সংবাদ, পৰ্বতঝোৰা : কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ আলমগঞ্জ-খুটাবাগৰা সংযোগী পথৰ দুৰৱস্থাই জীয়াতু ভোগাইছে শিক্ষাৰ্থীৰ লগতে শ শ পথচাৰীক। উক্ত পথচোৱাৰ দশক দশক ধৰি চৰকাৰে কোনোধৰণৰ উন্নয়ন নকৰাত এজাক বৰষুণ দিলেই ঠায়ে ঠায়ে পুখুৰীসদৃশ হৈ পৰে।
ফলত স্কুল- কলেজীয়া শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ অহা- যোৱা কৰা আৰু ৰোগীসকলোক চিকিৎসালয়লৈ যোৱাৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। ইপিনে আকৌ যোৱা কিছু দিন পূৰ্বে গৰ্ভৱতী মহিলা এগৰাকীক চিকিৎসা কৰিবলৈ চিকিৎসালয়লৈ লৈ যাওঁতে পথৰ দুৰৱস্থাৰ বাবেই আদবাটতে মৃত্যু ঘটে বুলি একাংশ ৰাইজে জানিবলৈ দিয়ে।
সেয়ে স্থানীয় ৰাইজ আৰু পৰ্বতঝোৰা জিলা এবিমছুৱে পথৰ মাজত কঠিয়া ৰুই ইউপিপিএল গ’ বেক, প্ৰমোদ বড়ো হায় হায়, স্থানীয় পাৰিষদ মুন মুন ব্ৰহ্ম গ’-বেক আদি শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে কয় যে, অনতিপলমে যদিহে এইখন ৰাস্তা পকী নকৰে, তেন্তে অহা নিৰ্বাচনত গাঁওখনত নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ব।