জুবিন গাৰ্গক ন্যায় প্ৰদান, সাংবাদিক নিগ্ৰহ ৰোধৰ দাবী

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু বাক্সা জিলা কাৰাগাৰৰ সন্মুখত মঙ্গলবাৰে সংঘটিত হিংসাত্মক ঘটনাত সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা বাৰ্তাজীৱি সংঘই

author-image
Asomiya Pratidin
New Update
548

ডিজিটেল সংবাদ, ওদালগুৰি : হিয়াৰ আমঠু, শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা আৰু বাক্সা জিলা কাৰাগাৰৰ সন্মুখত মঙ্গলবাৰে সংঘটিত হিংসাত্মক ঘটনাত সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰে ওদালগুৰি জিলা বাৰ্তাজীৱি সংঘই। সংঘই এই সন্দৰ্ভত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

শুকুৰবাৰে ওদালগুৰি সাহিত্য সভা ভৱন প্ৰাঙ্গণত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ওদালগুৰি প্ৰেছ ক্লাৱ, আছু, যুৱ ছাত্ৰ পৰিষদ, সাহিত্য সভা, চাওতালী ছাত্ৰ সন্থা, জুবিন ফেন ক্লাৱ, লেখিকা সন্থাকে ধৰি কেইবাটাও সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। প্ৰতিবাদী কাৰ্যসূচীটোত সকলোৱে একেমুখে জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী জনোৱাৰ লগতে সাংবাদিকৰ ওপৰত কৰা আক্ৰমণক গৰিহনা দিয়ে।

বিষয়টো সন্দৰ্ভত জিলা বাৰ্তাজীৱি সংঘই স্মাৰকপত্ৰত উল্লেখ কৰে যে অসমত সাংবাদিকৰ ওপৰত চলি থকা আক্ৰমণৰ ঘটনা বন্ধ কৰিবলৈ চৰকাৰে আজিও তৎকালীন ব্যৱস্থা গ্রহণ কৰা নাই। যাৰ ফলত ৰাজ্যখনত সংঘটিত হৈ আহিছে এটাৰ পিছত আন এটা সাংবাদিক নিগ্রহৰ ঘটনা।

শেহতীয়াকৈ যোৱা ১৫ অক্টোবৰ, ২০২৫ ইং তাৰিখে বাক্সা জিলাৰ নিকাছিত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি জ্বলাই দিয়া হ'ল সংবাদ মাধ্যমৰ বাহন। আমি এই ঘটনাক তীব্ৰ গৰিহণা দিছোঁ। ভৱিষ্যতে যাতে অসমত পুনৰ সাংবাদিক নিগ্রহৰ ঘটনা সংঘটিত নহয় আৰু কোনোবাই এই দুস্কাৰ্য্য কৰিলে তৎকালীনভাবে দোষীক কঠোৰ শাস্তি বিহিব পাৰি সেয়া নিশ্চিত কৰিবলৈ সাংবাদিকৰ সুৰক্ষাৰ বাবে এখন কঠোৰ আইন অসম বিধানসভাৰ আগত অধিবেশনতে প্রণয়নৰ বাবে আমি আপোনাক দাবী জনালোঁ।

প্ৰতিবাদী কাৰ্যসূচীৰ পূৰ্বে সংঘৰ সাধাৰণ সম্পাদক অজয় কলিতাই আঁত ধৰা অনুষ্ঠানত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ লগতে পুষ্পাঞ্জলি অৰ্পন কৰা হয়। একেদৰে বাক্সাৰ নিকাছিত সাংবাদিকৰ ওপৰত কৰা আক্ৰমণৰ বিৰোধিতা কৰি ওদালগুৰিত সাংবাদিকসকলে কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে সাংবাদিকৰ সুৰক্ষাৰ দাবী জনায়।

জুবিন গাৰ্গ