বৰিহাটত কা' আইন বাতিলৰ দাবীত প্ৰতিবাদ...

নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত আজি বিয়লি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটত বৃহত্তৰ আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থা আৰু বৃহত্তৰ আমৰাঙ্গা বৰিহাট আঞ্চলিক নাগৰিক মঞ্চ,অসম

New Update
jjjk

ডিজিটেল সংবাদ, মিৰ্জাঃ নাগৰিকত্ব সংশোধনী আইন (কা) বাতিলৰ দাবীত আজি বিয়লি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিহাটত বৃহত্তৰ আমৰাঙ্গা বৰিহাট শাখা ছাত্ৰ সন্থা আৰু বৃহত্তৰ আমৰাঙ্গা বৰিহাট আঞ্চলিক নাগৰিক মঞ্চ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ জিলা গ্ৰাম্য সমিতি আৰু পলাশবাৰী আঞ্চলিক সমিতিৰ সহায়-সহযোগত এটি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Advertisment

এই বিক্ষোভত প্ৰতিবাদকাৰীসকলে কা আমি নামানো,অসম চৰকাৰ হায় হায়, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়,বিজেপি চৰকাৰ হুচিয়াৰ, ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰা নচলিব, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আদি শ্লোগানেৰে প্ৰতিবাদ জনায়। এই প্ৰতিবাদত অংশগ্ৰহণ কৰি বৃহত্তৰ আমৰাঙ্গা বৰিহাট আঞ্চলিক নাগৰিক মঞ্চৰ সভাপতি প্ৰাণেশ্বৰ কলিতাই জাতিধ্বংসী কা আইন বাতিল কৰিবই লাগিব বুলি বিজেপি চৰকাৰক সকিয়াই দিয়ে।

কোনো কাৰণতে হিন্দু-বাংলাদেশীক অসমত সংস্থাপন দিয়া নহ'ব বুলি কয়। প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি মদন দাসে অংশগ্ৰহণ কৰি কয় এই বিজেপি চৰকাৰ প্ৰকৃততে খিলঞ্জীয়াৰ চৰকাৰ নহয়। এই বিজেপি চৰকাৰে আমাক ভাতে মৰাৰ ব্যৱস্থা কৰিছে। অসমৰ ভূমি বহিৰাগতক দিছে। তেওঁ কয় মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই নিজৰ সুৰক্ষাৰ বাবে পুৰ্বতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল।

তথাপি কামত নহাত এইবাৰ মিঞা খেদাৰ নাটক কৰি অসমৰ সাম্প্ৰদায়িক সংঘৰ্ষৰহে সৃষ্টি কৰিব খুজিছে। যি কথা ৰাইজে ভালদৰে বুজি পাইছে। আনহাতে মদন দাসেও ৰাইজৰ লেখিয়া বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বীপ,উকিয়ামৰ কুলশী নদীত নদী বান্ধ আৰু ৰামপুৰৰ দৰাবিলত লজিষ্টিক পাৰ্ক স্থাপনৰ বিৰোধ কৰে। এই প্ৰতিবাদত অংশগ্ৰহণ কৰি নাগৰিক মঞ্চ বিষয়ববীয়া মঃ ৰেকৰ্ড আলীয়ে মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়াৰ কথা কৈ কেৱল ভোট সংগ্ৰহতহে উঠি পৰি লাগিছে।

এই বিজেপি চৰকাৰখনে খিলঞ্জীয়া খিলঞ্জীয়া কৰে যদিও এতিয়া খিলঞ্জীয়াই নিজৰ পঁজাটোৰ বাবেও অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হোৱাতো অতিকৈ দুৰ্ভাগ্যজনক বুলি তেওঁ উল্লেখ কৰে।প্ৰতিবাদত আমৰাঙ্গা-বৰিহাট শাখা ছাত্ৰ সন্থাৰ সভাপতি অংকূৰ দাসে অংশগ্ৰহণ কৰি চৰকাৰে ৰাইজক জাপি দিবলৈ ওলোৱা কা আইনৰ বিৰোধ কৰে। বিভিন্ন ৰাজ্যত এই আইন বাতিল কৰিছে যদিও অসমত কি নোৱাৰে বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে।

এই প্ৰতিবাদত লগতে কুশল ডেকা, বিনোদ কলিতা,গুৰুচৰণ কলিতা,উত্তম দাস, ধ্ৰৱজোতি দাস,বিপুল কুমাৰ দাস,দীপক দাস,দ্বিপ দাস আদি বহুসংখ্যক লোক উপস্থিত থাকে। চৰকাৰে এই আইন সমূহ ৰাইজে বিচৰা ধৰণে বাতিল নকৰে,তেতিয়াহলে পৰৱৰ্তী সময়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপা কৰা হ'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে। 

পলাশবাৰী