/asomiyapratidin/media/media_files/2025/11/03/deddd-2025-11-03-22-43-22.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলা সদৰ কাজলগাঁৱতো আজিৰ পৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থা আৰু সদৌ অসম স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ স্বাস্থ্য কৰ্মী তথা কৰ্মচাৰী সকলে কৰ্মবিৰতি ও অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।
জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ, চৰকাৰী চিকিৎসালয়ত কৰ্তব্যৰত দুই শতাধিক স্বাস্থ্য কৰ্মী, কাৰিকৰী কৰ্মচাৰী, নাৰ্ছ, সহ চিকিৎসক সকলে আজি কাজলগাঁৱৰ এই কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অধীনত অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কার্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগ মতে ও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সম কামৰ সম দৰমহা ও সম অধিকাৰ প্ৰদান কৰা, ২০২১ চনৰ অসম ৰাজপত্ৰত প্রকাশিত কৰা ঘোষণা অনুসৰি কৰ্মচাৰীসকলৰ গ্ৰেচুইটিৰ ব্যৱস্থা কাৰ্য্যকৰী কৰা, কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ ব্যৱস্থা কৰা, সকলো এন এইচ এম কৰ্মচাৰীৰ বাবে "কর্মচাৰী পেঞ্চন স্ত্রীম" ৰ ব্যৱস্থা সুচল কৰা আদি কৰি মুঠ ৯ দফীয়া দাবীৰে আজিৰ পৰা কাজলগাঁৱৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য কৰ্মী আৰু কৰ্মচাৰী সন্থাৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য কৰ্মী আৰু কৰ্মচাৰী সন্থাই যৌথ ভাবে এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ স্বাস্থ্য কৰ্মী আৰু কৰ্মচাৰী সন্থাৰ এই কৰ্ম বিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী আগন্তুক ৫ নভেম্বৰ লৈকে অব্যাহত থাকিব। ইপিনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনস্থ স্বাস্থ্য কৰ্মী তথা চিকিৎসক সকলৰ এই কৰ্মবিতৰি আৰু অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ বাবে চৰকাৰী চিকিৎসালয় সমূহত স্বাস্থ্য সেৱা লৱলৈ অহা সৰ্ব সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগা হৈছে বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত আন্দোলনকাৰী স্বাস্থ্য কৰ্মী তথা চিকিৎসক সকলক প্ৰশ্ন কৰাত তেওঁলোকে কয় যে ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয় সমূহত জৰুৰীকালীন স্বাস্থ্য সেৱা আগবঢ়াই থকা হৈছে। আমাৰ কৰ্মজীৱনৰ ভবিষ্যতৰ কথা চিন্তা কৰি এই আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছো যাৰ ফলস্বৰূপ সাধাৰণ ৰাইজ কিছু অসুবিধাৰ সন্মুখীন হবলগা হৈছে এয়া আমি স্বীকাৰ কৰিবই লাগিব আৰু তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো।
উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আমাৰ দাবী সমূহ পূৰণ কৰিবলৈ পূৰ্বতেই প্ৰতিশ্ৰতি দিছিল, সেই প্ৰতিশ্ৰতি ৰক্ষা কৰি অতি সোনকালেই আমাৰ দাবী পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us