চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বৰহোলাত বিশাল জোঁৰ সমদল...

হিমন্ত বিশ্ব মিছলীয়া- দিল্লী- দিছপুৰ হাঁয় হাঁয়, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ হাঁয় হাঁয় , চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিব লাগিবই ধবনিৰে  আজি সন্ধিয়া উত্তাল হৈ পৰে তিতাবৰ সমজিলাৰ বৰহোলাৰ ৰাজপথ।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল সংবাদ বেকাজানঃ  হিমন্ত বিশ্ব মিছলীয়া- দিল্লী- দিছপুৰ হাঁয় হাঁয়, হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ হাঁয় হাঁয় , চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা দিব লাগিবই ধবনিৰে  আজি সন্ধিয়া উত্তাল হৈ পৰে তিতাবৰ সমজিলাৰ বৰহোলাৰ ৰাজপথ। প্ৰায় চাৰি সহস্ৰাধিক জনতাৰ  জোঁৰ সমদলেৰে ছয় জনগোষ্ঠীক জনজাতিকৰণত চৰকাৰে কৰা প্ৰতাৰণা আৰু হোহুকা পিছলা নীতিৰ  বিৰুদ্ধে এনেদৰে ক্ষুব্ধ হৈ  প্ৰতিবাদমুখৰ হৈ পৰে চুতীয়া যুৱ সম্মিলন।

শনিবাৰে সন্ধিয়া ছয় বজাত  বৰহোলা বাগান খেল পথাৰ পৰা তিনি আলি হৈ বৰহোলা চাৰি আলিত অন্ত পেলায় । চুতীয়া যুৱ সম্মিলন  তিতাবৰ জিলা সমিতিৰ উদ্যোগত অসমৰ আদিম ভূমিপুত্র চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ বাবে এক বৃহৎ  জোঁৰ সমদল বাহিৰ কৰা হয়।  তিতাবৰ জিলা চুতীয়া যুৱ সন্মিলনৰ   সভাপতি ৰাজু বৰুৱা আৰু সম্পাদক গৌৰৱ জ্যোতি নেওগৰ নেতৃত্বত বৰহোলা বাগান খেলপথাৰত সহস্ৰাধিক চুতীয়া জনগোষ্ঠীৰ লোক  হাতে হাতে জোঁৰ আৰু বেনাৰ পষ্টাৰ লৈ সমবেত হয় ।

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মুৰ্দবাদ ধবনিৰে  এই বাগান খেলপথাৰ পৰাই চুতীয়া জনগোষ্ঠীক শীঘ্ৰে জনজাতিকৰণৰ মৰ্যদা দাবীৰে সহস্ৰাধিক লোকে বিজেপি চৰকাৰ হাঁয় হাঁয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হুঁচিয়াৰ,  চুতীয়া জনগোষ্ঠী জনজাতিকৰণ কৰক, হিমন্ত বিশ্ব কাম নাই, ন এছ টি ন ৰেষ্ট,  নৰেন্দ্ৰ মোদী হাঁয় হাঁয় আৰু চৰকাৰে আমাৰ ন্যায দাবী মানিবই লাগিব আদি শ্লগানৰ পৰিস্থিতি উত্তাল কৰি তোলে ।

দিল্লী-দিছপুৰ ধবনিৰে বৰহোলাৰ পৰা প্ৰায় দুই কিলোমিটাৰ জোৰা বিশাল জোঁৰ সমদল উলিয়ায়।  জোঁৰ সমদলৰ পূৰ্বে বৰহোলা খেলপথাৰত সমবেত হাজাৰ হাজাৰ লোকক সম্বোধন কৰি চুতীয়া যুৱ সন্মিলনৰ নেতৃত্বই কয় যে আজিৰ বিশাল জোঁৰ সমদলৰ জৰিয়তে অসম চৰকাৰ আৰু দিল্লীক জনাই দিব খোজো যে চুতীয়াসকল আদিম ভূমিপুত্ৰ। তেওঁলোক জন্মগত ভাৱে জনজাতি।

কিন্তু চৰকাৰে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা নাই। সেয়ে চুতীয়া যুৱ সন্মিলনীয়ে ১৯৮০ চনৰ পৰাই জনজাতিকৰণৰ  দাবী জনাই আহিছে। কিন্তু প্ৰতিখন চৰকাৰে জনজাতিকৰণৰ চুতীয়া জনগোষ্ঠীক বঞ্চিত আৰু প্ৰতাৰণা কৰি আহিছে । গতিকে আজিৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি সকীয়াই দিব খুজিছো যদি সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেনেহলে চৰকাৰৰ বিৰুদ্ধে আন্দোলন তীব্র কৰি তুলিব ।

চুতীয়া যুব সম্মিলনৰ সাধাৰণ কেন্দ্ৰীয় নেতৃত্বই  সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰ আহে আৰু যায় বিজেপিয়ে হওক বা কংগ্ৰেছৰ চৰকাৰে হওক একপ্রকাৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নামত প্রতাৰণা কৰি আহিছে জনগোষ্ঠীসমূহক। নির্বাচন অহাৰ লগে লগে যেন প্রতিটো বাজনৈতিক দলেই ছয় জনগোষ্ঠীয় লোকক জনজাতিকৰণৰ ল'লীপপ দি  নির্বাচনীৰ বৈতৰণী পাৰ হৈ আহিছে। প্রতিটো বাজনৈতিক দলেই নির্বাচনৰ বৈতৰণী পাৰ হবলৈ ছয় জনগোষ্ঠীক ব্যৱহাৰ কৰি আহিছে।

কিন্তু এইবাৰ আমি জনজাতিকৰণ নিদিলে চৰকাৰক শান্তি থাকিবলৈ নিদিওঁ। তেওঁ আৰু কয়  যে শাসকীয় বিজেপি চৰকাৰে শাসনলৈ আহিলেই ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মর্যাদা প্রদান কৰিম প্ৰতিশ্ৰুতি দি শাসন লৈ আহিছিল কিন্তু বিজেপি চৰকাৰৰ দুটা কার্যকাল উকলিৰ হ'ল যদিও কিন্তু ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত  কেউটা জনগোষ্ঠীক  অৱহেলা আৰু প্ৰতাৰণা কৰি আছে ।

কিন্তু এইবাৰ ছয় জনগোষ্ঠী আকোঁৰগোঁজ হৈ পৰিছে।  যদি আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে ছয় চুতীয়া জাতিক জনজাতিকৰণৰ মর্যাদা প্রদান নকৰে তেতিয়া হ'লে ২০২৬ৰ বিধানসভা নির্বাচনত ইয়াৰ ফল ভুগিব লাগিব শাসকীয় বিজেপি চৰকাৰে। জনজাতিকৰণৰ দাবীত কালিলৈ তিতাবৰ বৰহোলাত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ন কৰি প্রতিবাদ সাব্যস্ত কৰিব চুতীয়া জনজাতিলোক সকলে। জনজাতিকৰণৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰিবলৈ লোৱা জোঁৰ সমদলত প্রায়  সহস্ৰাধিকলোকে অংশগ্রহণ কৰি তিতাবৰ বৰহোলাৰ ৰাজপথ কঁপাই তুলে ।

আজিৰ জোঁৰ সমদল কাৰ্যসূচীত  চুতীয়া যুৱ সম্মিলন কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক পলাশ হাজৰিকাই, সদৌ অসম চুতীয়া যুৱ সন্মিলনৰ সম্পাদক,কৌস্তুৱ কিশোৰ চুতীয়া,তিতাবৰ চুতীয়া যুৱ সম্মিলনৰ সভাপতি ৰাজু বৰুৱা সাধাৰণ সম্পাদক গৌৰৱ জ্যোতি নেওগ, সাংগঠনিক সম্পাদক বিতোপন বৰাকে ধৰি  বহু নেতা কৰ্মীয়ে অংশগ্রহণ কৰে ।

জনজাতিকৰণ