/asomiyapratidin/media/media_files/2025/09/06/ujj-2025-09-06-19-54-27.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অভিবাসন আৰু বিদেশী (ৰেহাই) আদেশ -২০২৫ আৰু 'কা' বাতিলৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদে সমগ্ৰ অসমজুৰি অগ্নিশিখা সমদল কাৰ্যসূচী ৰূপায়ন কৰে।যোৱা ৪ চেপ্তেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি আৰু আদেশ - ২০২৫ পত্ৰৰ প্ৰতিলিপি দাহ কৰাৰ পাছত পুনৰ এই কাৰ্যসূচী ৰূপায়নত জিলাই জিলাই সৰ্বসাধাৰণ ৰাইজৰ অভূতপূৰ্ব সহযোগিতা পৰিলক্ষিত হৈছে।
সমগ্ৰ অসমৰ ৰাজপথত পৰিষদৰ নেতা কৰ্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি অভিবাসন আৰু বিদেশী আদেশ বাতিল কৰক ,'কা' বাতিল কৰক ,গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায় ,কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ,অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্বনি দি ৰাজপথ উত্তাল কৰি তোলে।
এই অগ্নি শিখা কাৰ্যসূচী ৰূপায়ন সন্দৰ্ভত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সমিতিৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক বিজন বায়নে কয় যে-ভাৰত ৰাষ্ট্ৰৰ এই অন্যায় আমি কাহানিও সহ্য নকৰো। অসমীয়া জাতি বিদ্বেষী তথা অসাংবিধানিক নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা (CAA) গৃহীত হোৱাৰ পিছত অস্তিত্বৰ সংকটত থকা অসমীয়া জাতি অসমত নিঃশেষ হোৱাৰ উপক্ৰম হৈছে।
এই অভিবাসন খন বলবৎ হলে বিদেশৰ লোকে ব্যাপকভাৱে ভাৰতত নাগৰিকত্ব গ্ৰহণ কৰিব আৰু ইয়াৰ ফলত অসমৰ জনবিন্যাসৰ ব্যাপক পৰিবৰ্তন হব লগতে অসমত বঙালী ভাষী লোকৰ সংখ্যা বৃদ্ধি পাব আৰু ইতিমধ্যে অস্তিত্বৰ সংকটত থকা অসমীয়া জাতিটো চিৰদিনৰ বাবে নিঃশেষ হব। ভাৰতৰ অধিকাংশ ৰাজ্য ভাষাৰ ভিত্তিত গঠিত।
অসমো ভাষাৰ ভিত্তিত গঠন হোৱা এখন ৰাজ্য। আনকি বৃহত্তৰ অসমীয়া জাতিটো ভাষাৰ ভিত্তিত গঠন হৈছে। এই অধিসূচনা বলবৎ হ'লে তাৎক্ষণিকভাৱে ভাষাৰ গৰিষ্ঠতাৰ ভিত্তিত অসম এখন বঙালী ভাষা প্ৰধান ৰাজ্য হব। এনে এক ভয়াবহ ভবিষ্যতৰ আশংকা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠন তথা অসমৰ সকলো থলুৱা খিলঞ্জীয়া ৰাইজে এই জাতি ধংসী আইনৰ বিৰোধীতা কৰি অসমীয়া জাতি বিদ্বেষী আইনখন গণতান্ত্ৰিক প্ৰতিবাদৰ জৰিয়তে বাতিলৰ দাবী জনাই আহিছে।
অভিবাসন আৰু বিদেশী আইনৰ অধীনত যি আদেশ জাৰি কৰিছে সেয়া কা আইনৰ অন্য এক ৰূপ। ইয়াৰ দ্বাৰা জাতিৰ পৰিকাঠামো তচনচ হৈ যাব।এই লৈ সমগ্ৰ অসমজুৰি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিম।চৰকাৰ প্ৰশাসনে আমাক বাধা দি কণ্ঠ ৰূদ্ধ কৰিব নোৱাৰে।পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ দ্বাৰা ঘোষিত কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গই জিলাই জিলাই নেতৃত্ব প্ৰদান কৰি সমগ্ৰ কাৰ্যসূচী ৰূপায়ন কৰিছে বুলি বাতৰি লিখা পৰলৈকে জানিব পৰা গৈছে।