/asomiyapratidin/media/media_files/2025/09/12/328-2025-09-12-23-04-21.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ চাৰিসীমা ভিতৰত পৰা ধেমাজি সদৰৰ গাঁওসমূহক কৰ্তন কৰি জনসাধাৰণৰ খেতিমাটিসমূহ ম্যাদী পট্টা প্ৰদান কৰা লগতে ম্যাদীৰ বাবে আবণ্টন পোৱা মাটিৰ প্ৰিমিয়াম হ্ৰাস কৰা দাবীত বৃহস্পতিবাৰে ধেমাজি ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ সমীপত ধেমাজি ঐক্যমঞ্চৰ উদ্যোগত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ কেইবাটাও সংগঠনৰ প্ৰতিনিধিৰে গঠিত ধেমাজি ঐক্য মঞ্চৰ সভাপতি উজ্জ্বল চুতীয়া, কাৰ্য্যকৰী সভাপতি ৰতন কছাৰী আৰু সম্পাদক দুৰ্গা বড়াক প্ৰমুখ্যে ভৱেন শালৈ, সঞ্জীৱ চেতিয়া আৰু হৰিশ পেগু আদি বিষয়ববীয়াসকলৰ লগতে ধেমাজিৰ অঞ্চলসমূহৰ প্ৰায় দুই শতাধিক প্ৰতিবাদী কৃষক ৰাইজ উপস্থিত থাকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/whatsapp-image-2-2025-09-12-23-04-48.jpeg)
প্ৰতিবাদকাৰীসকলে ধেমাজি পৌৰ সভা চাৰিসীমা পৰা পাঁচ কিলোমিটাৰ পৰ্যন্ত ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অন্তৰ্গত গাঁওসমূহৰ ৰাইজে মাটি ম্যাদী পট্টা লাভ কৰা আৰু খাজনা দিয়া ক্ষেত্ৰত যথেষ্ট সমস্যাত পৰিব লগা হোৱাকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ জলন্ত সমস্যাৰ সম্পৰ্কে আলোচনা কৰে ৷ সভাত প্ৰতিবাদী ৰাইজে সমস্যাসমূহ উল্লেখ কৰি কয় যে এই বিজেপি চৰকাৰে নিজকে খিলঞ্জীয়া চৰকাৰ বুলি দাবী কৰা সময়তে ধেমাজিবাসী ৰাইজৰ বাবে খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহন কৰাৰ অভিযোগ তোলে ৷
উপস্থিত ৰাইজে মুকলিকৈ চৰকাৰ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে অভিযোগ কৰি কয়- ধেমাজি পৌৰসভা চাৰিসীমা পৰা ৫ কিলোমিটাৰ পৰ্যন্ত অঞ্চলটোৰ দুই এজন লোকৰ বাহিৰে আন অঞ্চলটোৰ সৰ্বাধিক লোকেই খেতি পথাৰ মাটি ম্যাদী পট্টা কৰা লগতে মাটি খাজনা দিব পৰা নাই ৷ আনকি জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা মাটি আৱন্টন ব’ৰ্ডতো পট্টা নোপোৱা বাবে পুনৰ বসুন্ধৰাত আবেদন কৰিও বিফল হোৱাত শ'শ কৃষক ৰাইজৰ পেটতে হাত- ভৰি লুকুৱাব লগা অৱস্থা হৈছে ৷
দুখীয়াকৃষিজীৱি ৰাইজে সাধাৰণ ঘৰ থকা ডেৰ কঠা মাটিৰ বাবদ ৫৬ হেজাৰ টকা, অসম আৰ্হিৰ ঘৰৰ মাটিৰ বাবদ ৭২ হেজাৰ আৰু আৰ. চি.চি ঘৰ থকা মাটিত এক লাখ টকা পৰ্যন্ত চৰকাৰী মূল্যৰ ধন দিব হোৱাত মূৰে কপালে হাত দিব লগা হৈছে ৷ একেখিনি মাটিকে দুবাৰকৈ আবেদন জনোৱা পিছতো ম্যাদী নোহোৱা বাবে কৃষক ৰাইজৰ শাৰীৰিক কষ্ট, গাঁঠিৰ ধন আৰু মানসিক অশান্তি বৃদ্ধি হৈছে ৷
প্ৰতিবাদী সভাত ৰাইজে এখনি দহজনীয়া শক্তিশালী সমিতিও গঠন কৰে ৷ প্ৰতিবাদী সভা চলি থকা অৱস্থাতে জিলা আয়ুক্তই প্ৰতিবাদী ৰাইজক বিষয়টো আলোচনা কৰিবলৈ আমন্ত্ৰণ জনোৱাত ঐক মঞ্চৰ এটি প্ৰতিনিধি সঁজাতি দলে জিলা আয়ুক্তৰ সৈতে আলোচনাত মিলিত হয়। লগতে ৰাইজে জিলা আয়ুক্তক এখনি স্মাৰকপত্ৰ প্ৰদান কৰি সবিশেষ সমস্যাৰ বিষয়ে অৱগত কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/wha-2025-09-12-23-05-02.jpeg)
জিলা আয়ুক্তই সমস্যাসমূহ সমাধান কৰাৰ আশ্বাস দিয়ে ৷ ঐক্য মঞ্চৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়া মতে আগন্তুক দিনত সমস্যাসমূহ সমাধান নহ’লে ঐক্য মঞ্চৰ উদ্যোগত কৃষক ৰাইজে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us