/asomiyapratidin/media/media_files/2025/08/21/1-2025-08-21-16-36-47.jpg)
ডিজিটেল সংবাদ, চিৰাং: অসমৰ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এলেকাত আহোম, মৰাণ, মটক, চুতীয়া, ৰাজবংশী, গোৰ্খা, চাহ জনগোষ্ঠী আৰু আদিবাদী সকলক সুৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰি অসম চৰকাৰে জাৰি কৰা অধিসূচনাৰ প্ৰতিবাদত চিৰাং জিলাৰ কাজলগাঁৱৰ বেংতল গেটত সদৌ অসম ট্ৰাইবেল সংঘৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
চিৰাং জিলা ট্ৰাইবেল সংঘই অসম চৰকাৰৰ উক্ত অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে। আৰক্ষীৰ অনুমতি অবিহনে ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ অভিযোগত প্ৰতিবাদস্থলীৰ পৰাই কাজলগাঁও থানাৰ আৰক্ষীয়ে আটক কৰি লৈ যায় চিৰাং জিলা ট্ৰাইবেল সংঘৰ সভাপতি থানেশ্বৰ বসুমতাৰী আৰু সাধাৰণ সম্পাদক স্বপন বসুমতাৰীক।
উল্লেখ্য যে, যোৱা ১৮ আগষ্ট তাৰিখে অসম চৰকাৰে উজনি অসমৰ টিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এলেকাত নতুনকৈ সাতটা জনগোষ্ঠীক সুৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰি অধিসূচনা জাৰি কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাই আজি অধিসূচনাৰ প্ৰতিলিপি দাহ কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ চিৰাং জিলা সমিতিৰ সদস্য সকলে।