/asomiyapratidin/media/media_files/2025/12/24/thhghgghghg-2025-12-24-23-08-38.jpg)
ডিজিটেল ডেস্কঃ গৌৰীপুৰ চহৰৰ ৰাজুহুৱা পুথিভঁৰালত ধুবুৰী জিলা ৰাষ্ট্ৰীয় হিন্দু পৰিষদ, বজৰং দল, গৌৰীপুৰ আঞ্চলিক আক্ৰাছু আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন উদ্যোগত চুবুৰীয়া দেশ বাংলাদেশত সংখ্যালঘু হিন্দুক হত্যা,অত্যাচাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়াই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/capturefgtfgfhg-2025-12-24-23-09-02.jpg)
সংগঠন কেইটাই ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি মহম্মদ ইউনুসৰ প্ৰতিমূৰ্তি দাহ কৰে। হিন্দুৰ হত্যা বন্ধ কৰক, হিন্দু এক হওক, বাংলাদেশ হুছিয়াৰ, বাংলাদেশ চৰকাৰ হায় হায় আদি শ্লোগানে আকাশ বতাহ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।
একেদৰে, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত শেহতীয়াকৈ হিন্দু লোকৰ ওপৰত ইছলামিক জেহাদীৰ দ্বাৰা হোৱা হত্যা আৰু নিৰ্মম অত্যাচাৰৰ বিৰুদ্ধে আজি নগাঁও চহৰত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ নগাঁও জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/24/capturejkiukk-2025-12-24-23-09-16.jpg)
নগাঁও চহৰৰ কৃষ্ণাশ্ৰম শিৱ মন্দিৰৰ সমীপত সংগঠন দুটাৰ শতাধিক নেতা কৰ্মীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বাংলাদেশত হিন্দুৰ সুৰক্ষা প্ৰদানকে ধৰি বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে বাংলাদেশ তত্বাৱধায়ক চৰকাৰৰ মূৰব্বী গৰাকীৰ প্ৰতিকৃতি দাহ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us