/asomiyapratidin/media/media_files/2025/08/08/48-2025-08-08-23-42-18.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা বিজেপিৰ অন্তৰ্গত বগীনদী মণ্ডল বিজেপিৰ সভাপতি, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱালক গ্ৰেপ্তাৰৰ দাবীত কঁপি উঠিল বগীনদী । একালৰ ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ অতি ঘনিষ্ঠ হোৱাৰ সুবাদতে স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পদত অধিষ্ঠিত হোৱা সোনোৱালক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ ৰাজহুৱা দাবীৰে শুক্ৰবাৰে উত্তাল হল বগীনদীৰ মাজমজিয়া।
সম্প্ৰতি লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বৰ ঘৰৰ মানুহ সোণোৱালে পৰিষদৰ পুঁজিৰে ক্ৰয় কৰা সামগ্ৰী চোৰাংভাৱে নিজা ঘৰত মজুত ৰাখি ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ ফন্দি "অপৰাধ অনুসন্ধান বিভাগে" বৃহস্পতিবাৰে অভিযান চলাই ফাদিল কৰাৰ পাছত শুক্ৰবাৰে জাঙুৰ খাই উঠে স্বগোষ্ঠীয় যুৱ শক্তি। নৃগোষ্ঠীটোৰ ৰাইজৰ উন্নয়নৰ বাবে অহা পুঁজিৰে সামগ্ৰী ক্ৰয় কৰি নিজা ঘৰত চোৰাংভাৱে মজুত ৰখাৰ পাছত চি আই দিয়ে উদ্ধাৰ কৰাৰ পৰৱৰ্তী সময়তো গ্ৰেপ্তাৰ নকৰা কাৰ্যত স্তম্ভিত হোৱা যুৱ প্ৰজন্মই শুক্ৰবাৰে তদন্তকাৰী বিভাগৰ সক্ৰিয়তা দাবী কৰি সন্ধিয়া ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।
বগীনদীৰ সোণোৱাল কছাৰী যুৱ সমাজ একত্ৰিত হৈ একেমুখে ধিক্কাৰ দিয়ে এনে দুৰ্নীতিগ্ৰস্ত চৰিত্ৰক। নৃগোষ্ঠীটোৰ উন্নয়ন কামী যুৱ সমাজৰ শতাধিক কৰ্মকৰ্তাই শুক্ৰবাৰে সন্ধিয়া বগীনদীৰ প্ৰধান ব্যৱসায়িক এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত সমবেত হয় ।
বৃহত্তৰ বগীনদীৰ স্বগোষ্ঠীৰ যুৱ প্ৰজন্মই স্বতঃস্ফূৰ্তভাৱে গণতান্ত্ৰিক প্ৰতিবাদত অংশগ্ৰহণ কৰি ,হাতে হাতে জোঁৰ লৈ দুৰ্নীতিপৰায়ণ ধীৰেন সোণোৱালক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰৰ ঐক্যবদ্ধ দাবী জনায়। প্ৰতিবাদী যুৱকসকলে ৰাজপথৰ দাঁতিত সন্ধিয়া প্ৰায় ৬ বজাত অৱস্থান কৰি দুৰ্নীতিগ্ৰস্ত বিজেপি নেতা ধীৰেন সোণোৱাল নিপাত যাওক, চৰকাৰী সামগ্ৰী ঘৰত লুকুৱাই ৰখা গেৰুৱা নেতা ধীৰেন সোণোৱাল গ' বেক, সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ দুৰ্নীতিপৰায়ণ কাৰ্যবাহী সদস্য ধীৰেন সোণোৱালক গ্ৰেপ্তাৰ কৰক, চৰকাৰী সামগ্ৰীৰ চোৰাংভাৱে মজুত ৰখা কাৰ্যবাহী সদস্য ধীৰেন সোনোৱালক পৰিষদৰ পৰা বহিস্কাৰ কৰি তদন্ত কৰক আদি শ্লোগান দি সমগ্ৰ ব্যৱসায়িক এলেকা উত্তাল কৰি তোলে ।
যুৱ সমাজে তদন্তকাৰী সংস্থাৰ ওপৰত ৰাজনৈতিক শক্তি অপপ্ৰয়োগ কৰাৰ বাবেই সোণোৱালক গ্ৰেপ্তাৰ নকৰা বুলি অভিযোগ উত্থাপন কৰি শীঘ্ৰে গ্ৰেপ্তাৰ নকৰিলে অধিক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত হ'ব বুলি সকীয়াই দিয়ে । ইপিনে ধীৰেন সোনোৱালে সংবাদ মাধ্যমৰ আগত এই বিশাল সামগ্ৰী সোণোৱালৰ তৎপৰতাত হে চি আই ডি বিভাগে জব্দ কৰা বুলি কৈ এই কাৰ্যৰ সতে তেওঁ জড়িত নহয় বুলি দাবী কৰে।