ঢকুৱাখনাত এনপিএছ বাতিল কৰি অপিএছ প্ৰৱৰ্তনৰ দাবীত প্ৰতিবাদ

সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে শীঘ্ৰে এন পি এছ প্ৰত্যাহাৰ কৰি অ পি এছ প্ৰবৰ্তনৰ দাবীত ঢকুৱাখনাত প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰে।

author-image
Asomiya Pratidin
New Update
gsfsdsdsasqsasasasasasa

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ গণতন্ত্ৰৰ দ্বিতীয় স্তম্ভ স্বৰূপ কাৰ্যপালিকাক সুস্থ ভাবে পৰিচালিত কৰি অহাত মেৰুদণ্ডৰ ভূমিকা গ্ৰহণ কৰি অহা প্ৰশাসনীয় বিষয়া কৰ্মচাৰী সকলৰ লগতে শিক্ষক শ্ৰমিক সকলৰ নিৰন্তৰ আত্মোৎস্বৰ্গী সেৱাৰ বিপৰীতে প্ৰতিনিয়ত প্ৰবঞ্চিত প্ৰতাৰিত হৈ আহিব লগা হৈ আহিছে। ৰাজ্যৰ প্ৰবঞ্চিত কৰ্মচাৰী সকল সন্মুখীন হৈ অহা দীৰ্ঘদিনীয়া অভাৱ সমস্যা সমূহৰ প্ৰতি ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ এইসকল ভুক্তভোগী শিক্ষক শ্ৰমিক কৰ্মচাৰীৰ প্ৰতিনিধিত্বকাৰী উমৈহতীয়া সংগঠন সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰা ধাৰাবাহিক গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি অহা হৈছে।  

শেহতীয়া ভাবে শাসকযন্ত্ৰই ৰাজ্যখনৰ এইসকল কৰ্মচাৰীৰ ওপৰত জাপি দিছে "নতুন পেঞ্চন আঁচনি" চমুকৈ এন পি এছ নামৰ এক জটিল সমস্যা। "পুৰণি পেঞ্চন আঁচনি" বাতিল কৰি কষ্টসহিষ্ণু বিষয়া কৰ্মচাৰী শিক্ষক শ্ৰমিক সকলক এই "নতুন পেঞ্চন আঁচনি"ৰ ভয়ংকৰ বোজা জাপি দিয়া কাৰ্য কোনো কাৰণতে মানি লব বিচৰা নাই। ইয়াৰ বিৰূদ্ধে তীব্ৰ ঐক্যবদ্ধ গণতান্ত্ৰিক ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হব আৰু অ পি এছ ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চৰকাৰক বাধ্য কৰা হব। সদৌ অসম কৰ্মচাৰী পৰিষদৰ হুংকাৰ এয়া।

বৃহস্পতি বাৰে ঢকুৱাখনা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এই মন্তব্য কৰে সদৌ অসম কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য তথা ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই। সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে শীঘ্ৰে এন পি এছ প্ৰত্যাহাৰ কৰি অ পি এছ প্ৰবৰ্তনৰ দাবীত ঢকুৱাখনাত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তথা জিলা সভাপতি চুতীয়াই।

WhatsApp Image 2026-01-29 at 4.20.46 PM

ৰাজ্য চৰকাৰে শীঘ্ৰে এন পি এছ বাতিল কৰি অ পি এছ প্ৰৱৰ্তন কৰক, ন' অ পি এছ ন' ৰেষ্ট, পুৰণি পেঞ্চন আঁচনি আমাৰ প্ৰাপ্য, আমাক আমাৰ অধিকাৰ লাগিবই আদি শ্লোগান সম্বলিত প্লে'কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদথলীত। দুপৰীয়া ১বজাৰ পৰা ৩ বজালৈ প্ৰতিবাদ থলীতে ৭ খন আঞ্চলিকৰ সভাপতি সম্পাদক প্ৰমুখ্যে শতাধিক প্ৰতিবাদকাৰীয়ে ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ প্ৰতি গুৰুত্বহীন আচৰণ প্ৰদৰ্শন কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে পঞ্জীভূক্ত ক্ষোভ উজাৰি এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াই সঞ্চালনা কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সভাত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য প্ৰফু নাথ মেদক,  প্ৰধান শিক্ষক গুনাধৰ দলে, হেমেন কলিতা, অংকুৰণ বৰা, নিতুল মেধি, জিতেন দাস, গিৰিশ হাজৰিকা, বনমালী পেগু, প্ৰেম কুমাৰ চাহু আদিয়ে বক্তব্য আগবঢ়াই কৰ্মচাৰী সমাজৰ নাৰ্য প্ৰাপ্য অ পি এছ ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ বাবে ঐক্যবদ্ধ গণতান্ত্ৰিক সংগ্ৰামৰ বিকল্প নাই বুলি মন্তব্য প্ৰকাশ কৰে। 

ঢকুৱাখনা