অসমৰ খিলঞ্জীয়া নাথ-যোগীক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ

আজি নাথ-যোগীসকলে নগাঁও জিলাৰ বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ জন্ম স্থানত জোঁৰ সমদলেৰে কঁপালে আকাশ- বতাহ। 

author-image
Asomiya Pratidin
New Update
FDFDFDFDDWEWE

ডিজিটেল সংবাদ, বেবেজীয়াঃ অসমৰ খিলঞ্জীয়া নাথ যোগীসকলক পূর্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা আৰু নাথ যোগীসকলৰ বাবে উপগ্রহীয় স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবীত আজি নাথ-যোগীসকলে নগাঁও জিলাৰ বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ জন্ম স্থানত জোঁৰ সমদলেৰে কঁপালে আকাশ- বতাহ। 

WhatsApp Image 2026-01-02 at 9.32.56 PM

অসম প্রাদেশিক যোগী সম্মিলনীৰ আহ্বানত নগাঁও জিলা যোগী সন্মিলনী,সদৌ অসম নাথ-যোগী ছাত্র সন্থা,অসম প্ৰাদেশিক যোগী মহিলা সন্মিলনী, পুৰোহিত সন্মিলনী, নাথ সাহিত্য সভা আদি সংগঠনৰ  উদ্যোগত এই প্রতিবাদ সাব্যস্ত কৰে কেইবা সহস্ৰাধিক নাথ যোগীৰ পুৰুষ মহিলাৰ প্রতিবাদকাৰীয়ে। নাথ-যোগীসকলৰ অভিযোগ- ১৯৯৮ চনত অসম চৰকাৰে এখন অধিসূচনাৰ যোগেদি অসমৰ খিলঞ্জীয়া নাথ যোগীসকলক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্রদান কৰি থৈছে, কিন্তু এই অধিকাৰসমূহ আংশিক অধিকাৰহে, ই বাকীকেইটা সংৰক্ষিত শ্ৰেণীৰ জনগোষ্ঠীৰ দৰে পূৰ্ণাংগ অধিকাৰ নহয়। আজিৰ পৰা মাত্র দুশ বছৰ আগতে বেলেগ ৰাজ্যৰ পৰা অসমলৈ আগমন ঘটা জনগোষ্ঠীয়েও সংৰক্ষিত শ্ৰেণী হিচাপে জনজাতীয় বেল্ট আৰু ব্লকত ভূমিৰ অধিকাৰ পাইছে। অথচ অসমীয়া ভাষাৰ জন্মদাতা নাথ যোগীসকলক সেই অধিকাৰৰ পৰা অন্যায়ভাৱে বঞ্চিত কৰিছে। সেয়ে নাথ-যোগীসকলৰ দাবী উক্ত অধিসূচনাখন সংশোধন কৰি অসমৰ নাথ যোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিব লাগিব। নাথ যোগীসকলৰ ন্যায্য দাবীসমূহ পূৰণৰ বাবে বাৰম্বাৰ চৰকাৰৰ ওচৰত দাবী জনোৱাৰ পাছতো চৰকাৰখনে মাহী আইৰ চকুৰে চাই আহিছে। সেয়েহে চৰকাৰখনৰ চকু মেল খুৱাবলৈ তেওঁলোকৰ অধিকাৰসমূহ আদায় কৰিবলৈ ৰাজপথৰ আন্দোলনৰ বাহিৰে অসমৰ অন্যতম প্রাচীন খিলঞ্জীয়া ভূমিপুত্র নাথ-যোগীসকলে নিজৰ মাতৃভূমিত নিজৰ অধিকাৰসহ জীয়াই থকাৰ অন্য বিকল্প নাই। সেয়ে এনে সময়ত তেওঁলোকে ঐক্যবদ্ধ আন্দোলনৰ পোষকতা কৰিছে। নাথ যোগীসকলৰ আশংকা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ লগে লগে পূৰ্বৰ জনজাতিসকলকে ধৰি অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬০ শতাংশ লোক  জনজাতিৰ অন্তৰ্ভুক্ত হৈ পৰিব। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ অধিকাংশ মাটি জনজাতি অধ্যুষিত ভূমি হিচাপে চিহ্নিত হ'ব। অসমত নতুন নতুন ট্রাইবেল বেল্ট আৰু ব্লকৰ সৃষ্টি হ'ব। সেই বেল্ট আৰু ব্লক বিলাকত কেৱল জনজাতিসকলৰ ভূমিৰ অধিকাৰ থাকিব। অসমত নতুনকৈ ছয়খন পূর্ণাংগ স্বায়ত্তশাসিত পৰিষদৰ জন্ম হ'ব। সেয়ে চৰকাৰে নাথ-যোগীসকলৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰক বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে। অন্যথা তীব্র আন্দোলনৰ হুংকাৰ প্ৰদান প্ৰতিবাদকাৰীৰ।  

আজি সন্ধিয়া বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ গৰখীয়া থানত জিলা খনৰ বিভিন্ন প্ৰান্তত থকা কেইবাহাজাৰ নাথ যোগী পুৰুষ মহিলাই একগোট হৈ  জোঁৰ সমদল আৰম্ভ কৰে । অসম প্ৰাদেশিক যোগী সন্মিলনীৰ উপদেষ্টা কীৰ্তি নাথ আৰু নাথ সাহিত্য সভাৰ অসমৰ প্ৰধান সম্পাদক হিৰণ্য কুমাৰ নাথে পৰ্যবেক্ষক হিচাপে উপস্থিত থকা জোঁৰ সমদলৰ অংশগ্ৰহণকাৰীৰ সকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ " খিলঞ্জীয়া নাথ যোগী সকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰক ।' 'নাথ- যোগী উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ গঠন কৰক ।' ' আমাৰ মাটিত দিয়ক আমাৰ অধিকাৰ।' ' শোষণ ,নিস্পেষণ, আৰু বঞ্চনা বন্ধ কৰক।' ' আমাক স্বায়ত্ব শাসন পৰিষদ লাগিবই।' ' আছে ত্ৰিশূল লোৱা নাই, ললে ত্ৰিশূল ৰক্ষা নাই । '' হৰ হৰ মহাদেৱ।"  শ্লোগানেৰে  হাতত জোঁৰ লৈ আকাশ বতাহ কঁপাই তোলে।

WhatsApp Image 2026-01-02 at 9.32.57 PM

 সমদলকাৰী সকলে বিয়াল্লিছৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদ মনবৰ নাথৰ প্ৰতিমূৰ্তিৰ কাষত উপস্থিত হৈ নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ হাতত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি জোঁৰ সমদলৰ সামৰণি মাৰে । উল্লেখ্য যে আজিৰ  জোঁৰ সমদলত নগাঁও জিলা নাথ যোগী সন্মিলনীৰ সভাপতি ঘনশ্যাম নাথ, ভাৰপ্ৰাপ্ত  সম্পাদক দুলাল চন্দ্ৰ নাথ, প্রাদেশিক সন্মিলনীৰ বিষয় ববীয়া  ভূপেন নাথ, জগদীশ নাথ, ভুবন নাথ, হেমন্ত কুমাৰ নাথ, নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি জ্যোতিপ্ৰসাদ হাজৰিকা, সম্পাদক প্ৰশান্ত নাথ, মহিলা সন্মিলনীৰ বিষয় ববীয়া সকলকে ধৰি জিলাখনৰ কেইবা সহস্ৰাধিক লোক উপস্থিত কাযসূচী ভাগ সফলভাবে ৰূপায়ন কৰে। 

নগাঁও