উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে টায়াৰ জ্বলাই ছাত্ৰ-শিক্ষক কৰ্মচাৰী সমাজৰ উত্তাল প্ৰতিবাদ

বৃহস্পতিবাৰে নিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰী, শিক্ষক তথা কৰ্মচাৰীসমাজে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
400

ডিজিটেল সংবাদ, তেজপুৰ : বৃহস্পতিবাৰেনিশা তেজপুৰ বিশ্ববিদ্যালয়ৰ সন্মুখত উপাচাৰ্য শম্ভূনাথ সিঙৰ বিৰুদ্ধে ছাত্ৰ- ছাত্ৰী, শিক্ষক তথা কৰ্মচাৰীসমাজে টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তীব্ৰ প্ৰতিবাদক আওকাণ কৰি উপাচাৰ্য শম্ভূনাথ সিঙে চৰম স্বেচ্ছাচাৰীতাৰে নিজৰ ঘনিষ্ঠ বুলি পৰিচিত অধ্যাপিকা জয়া চক্ৰৱৰ্ত্তীক বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য হিচাপে নিযুক্তি দিয়াৰ বিৰুদ্ধে প্ৰতিবাদ জনাই দলে-বলে ওলাই আহে কেইবাশতাধিক প্ৰতিবাদীকাৰী।

প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয় চৌহদত টায়াৰ জ্বলাই পৰিস্থিতি উত্তাল কৰি তোলে । তেওঁলোকে কোনো কাৰণতে নতুন সম-উপাচাৰ্যগৰাকীক মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়াৰ লগতে চৰম স্বেচ্ছাচাৰী উপাচাৰ্য শম্ভূনাথ সিঙকো অতি শীঘ্ৰে অপসাৰণ কৰিবলৈ দাবী জনায়।

উপাচাৰ্য