/asomiyapratidin/media/media_files/2025/12/26/529-2025-12-26-23-15-45.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ : জনস্বাৰ্থৰ পিনে পিঠি দি একাংশ ক্ষমতাশালী ৰাজনৈতিক ব্যক্তিয়ে নগাঁও জিলাৰ কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা হৈ নুমলীগড়লৈকে নিৰ্মাণ কৰিবলগীয়া প্ৰস্তাৱিত চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটি দিশ সলনি কৰাৰ কুজকাৱাজ চলোৱা দুস্কাৰ্যৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে কলিয়াবৰৰ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷
স্থিতাৱস্থাৰ পৰিবৰ্তে জখলাবন্ধা নগৰীক বঞ্চিত কৰি চাহবাগিছা, কৃষিভূমি, জলাশয়, আৰ্দ্ৰভূমিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই কলিয়াবৰ তিনিআলিৰ পৰা দাৰিগজি, বামুনি ,চিকনি চাহবাগিছা হৈ নুমলীগড়লৈকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্ড এন্টাৰটেইন্টমেন্ট, একাংশ মন্ত্ৰী-বিধায়ক, ছালফা, চৰকাৰী বিষয়াৰ আত্মীয়, প্ৰভাৱশালী ঠিকাদাৰে ক্ৰয় কৰা বিশাল কৃষিভূমিৰ সন্মুখেৰে চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটো পাৰ কৰি নিয়াৰ কূটিল অভিসন্ধিৰ বিষয়ে সম্প্ৰতি দল-সংগঠন নিৰ্বিশেষে মুকলি বিষেদাগাৰ প্ৰকাশ কৰিছে বিভিন্ন পক্ষই ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-2025-12-26-23-18-08.jpeg)
চৰকাৰৰ এই জনবিৰোধী পদক্ষেপৰ বিৰুদ্ধে বিগত তিনি বছৰ ধৰি বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন হৈ অহাৰ পাছত শুকুৰবাৰে মুকলি বিদ্ৰোহৰ প্ৰতিফলন ঘটে ৷ শেহতীয়াভাৱে এই বিষয় সন্দৰ্ভত দুৱাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী নিতীন গাডকাৰীৰ সৈতে নতুন দিল্লীত কলিয়াবৰ ফ’ৰলেণ্ড দাৱী সমিতিৰ প্ৰতিনিধিৰ দলে আলোচনাত মিলিত হৈ প্ৰতিশ্ৰুতি আদায় কৰাৰ সময়তে চৰকাৰ তথা বিভাগীয় মহলে ত্বৰিত গতিত বাইপাছ কৰাৰ লক্ষ্যৰে জোখ -মাখ কৰাত বিতুষ্ট হৈ আজি ৰাজপথলৈ ওলাই আহে ক্ষুব্ধ জনতা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-image-2025-12-26-23-18-54.jpeg)
কলিয়াবৰ ফʼৰলেন দাবী সমিতিৰ সভানেত্ৰী মিনু শইকীয়া সম্পাদক প্ৰদীপ লস্কৰৰ নেতৃত্বত ওলাই অহা প্ৰায় পাঁচ শতাধিক পুৰুষ মহিলাই শুক্ৰবাৰে কুঁৱৰীটোলৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত সমবেত হৈ ৰাষ্ট্ৰীয় পথটি বাইপাছ নকৰি হাটবৰ জখলাবন্ধাৰ মাজেৰে ফ'ৰলেন নিৰ্মাণৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উতপ্ত কৰি তোলে। এই প্ৰতিবাদী কাৰ্যসূচীত মহিলা সমিতি , জখলাবন্ধাৰ ব্যৱসায়ী সন্থা, স্থানীয় ৰাইজৰ লগতে জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কলিয়াবৰ জিলা সমিতি, আৰু ছাত্র সন্থাই অংশ গ্ৰহণ কৰে ।
জখলাবন্ধাৰ মাজেৰে ফʼৰলেন নিৰ্মাণৰ দাবীত অতল থকা প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ বাইপাছ নিৰ্মাণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি চৰকাৰ হায় হায়,জখলাবন্ধাৰ মাজেৰে ফ’ৰলেণ লাগিবই,মন্ত্ৰী-বিধায়ক সকলে মাটিৰ খক বাদ দিয়ক,সৰ্বসাধাৰনক জীয়াই থাকিবলৈ দিয়ক,প্ৰশাসন গ’ বেক আদি শ্ল’গানৰে আকাশ-বতাহ উত্তাল কৰি তোলে।
উল্লেখ্য যে,ৰাইজৰ ধাৰাবাহিক আন্দোলনৰ মাজতে চাৰিশৰীয়া ৰাষ্ট্ৰীয় ঘাইপথটো কলিয়াবৰ তিনিআলিৰ পৰা বাইপাছ কৰি কৃষি পথাৰৰ মাজৰে নিবলৈ জৰীপ চলাই আছে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লগতে কলিয়াবৰৰ ৰাজহ বিভাগে। ৰাইজৰ দাবীক উপেক্ষা কৰি কৃষি পথাৰৰ মাজেদি বাইপাছ নিৰ্মাণৰ ষড়যন্ত্ৰৰ বিৰুধিতাৰে আজি পুৱা ৯-৩০ বজাতে প্ৰথমতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰে প্ৰতিবাদী ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-im-2025-12-26-23-19-53.jpeg)
প্ৰায় ডেৰ ঘণ্টা সময় ৰাজহ চক্ৰ বিষয়াগৰাকী কাৰ্যালয়ত উপস্থিত নোহোৱাত ক্ষোভিত ৰাইজে তলা লগাই দিয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। ইয়াৰ পিছতো ৰাইজৰ প্ৰতিবাদক প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াত অৱশেষত কাৰ্যালয়টোৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদকাৰীসকলে।
ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথটো বাইপাছ কৰি নিয়াৰ ষড়যন্ত্ৰ বন্ধ কৰাৰ লগতে জৰীপ কাৰ্য বন্ধ কৰাৰ দাবীত সৰৱ হৈ উঠে প্ৰতিবাদকাৰী সকল। ৰাজপথত ৰাইজৰ প্ৰতিবাদ চলি থকাৰ পিছতো কলিয়াবৰ ৰাজহ চক্ৰ বিষয়া ৰাজনিশান শৰ্মাৰ লগতে সমজিলা আয়ুক্ত ৰাজ বৰুৱাই কোনো গুৰুত্ব নিদিয়াত ক্ষোভিত ৰাইজে জিলা আয়ুক্ত উপস্থিত নোহোৱালৈকে ৰাজপথ বন্ধ কৰি ৰাখে। এই দুয়োগৰাকী প্ৰশাসনিক বিষয়াই প্ৰতিবাদী ৰাইজৰ প্ৰতি প্ৰদৰ্শন কৰা আওকনীয়া মনোভাৱে বাৰুকৈয়ে ক্ষুব্ধ কৰি তোলে প্ৰতিবাদকাৰীসকলক ৷
এনে সময়ত ৰাষ্ট্ৰীয় পথটি মুকলি কৰি দিবলৈ আৰক্ষী প্ৰশাসনে প্ৰতিবাদ কাৰী সকলক আতৰাই নিবলৈ বাৰম্বাৰ চেষ্টা কৰি বিফল হয়। আৰু আৰক্ষী আৰু প্ৰতিবাদ কাৰী সকলৰ মাজত বাক যুদ্ধত লিপ্ত হয়।
দুঘণ্টা ধৰি ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ হৈ থকাৰ বাৱে উজনি আৰু নামনিৰ যাতায়তী ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷ পিছত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত হৈ আলোচনাৰ আশ্বাস প্ৰদানৰ লগতে নিজৰ পৰিসীমাত থাকি যিমানখিনি সম্ভৱ ৰাইজৰ পক্ষত কাম যোৱাৰ আশ্বাস প্ৰদান কৰাত অৱশেষত ৰাজপথ মুকলি কৰি দিয়ে প্ৰতিবাদী ৰাইজে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/26/whatsapp-ima-2025-12-26-23-20-41.jpeg)
অহা ৩০ ডিচেম্বৰৰ ভিতৰত চাৰিলেন দাবী সমিতিৰ সৈতে বৈঠকত বহাৰ আশ্বাস প্ৰদান কৰে আয়ুক্তগৰাকীয়ে। আনহাতে, ৰাইজৰ প্ৰতিবাদক গুৰুত্ব নিদিয়া মাতব্বৰী, বহু বিতৰ্কিত কলিয়াবৰ সমজিলা আয়ুক্ত ৰাজ বৰুৱা আৰু ৰাজহ চক্ৰ বিষয়াগৰাকীক শীঘ্ৰে বদলি কৰাৰ লগতে জিলা আয়ুক্তৰ লগত বৈঠকত কোনো সুদুত্তৰ নাপালে পৰবৰ্তী সময়ত জখলাবন্ধাৰ মাজেৰে সকলোধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিয়াৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।
এই সংগ্ৰামী আন্দোলনটিৰ অন্যতম নেতৃত্ব প্ৰদানকাৰী জাতীয়তাবাদী যুৱ নেতা মৃগাংক বৰাই কয়- শাসকীয় দলৰ কলি কলিয়াবৰৰ পৰাই আৰম্ভ হৈছে। ব্যক্তিস্বাৰ্থ পৰিহাৰ নকৰি ৰাইজৰ পক্ষত থিয় নিদিলে এই সকল মন্ত্ৰী-বিধায়কে সময়ত প্ৰত্যাহ্বানৰ সন্মূখিন হ’ব ৷ যথা সময়ত ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব ৷
বিভিন্ন দল-সংগঠন তথা বিভিন্ন ৰাজনৈতিক পক্ষই অংশগ্ৰহন কৰা সংগ্ৰামত ফ'ৰলেন দাবী সমিতিৰ সম্পাদক প্ৰদীপ লস্কৰে চৰকাৰৰ এই হথকাৰী সিদ্ধান্ত কলিয়াবৰীয়া ৰাইজৰ সম্পূৰ্ণ পৰিপন্থি বুলি মন্তব্য কৰে । লগতে জখলাবন্ধাৰ মাজেদি ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নকৰিলে আগন্তুক দিনত জংগী আন্দোলন কৰিব বুলি চৰকাৰ তথা প্ৰশাসনক হুংকাৰ দিয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us