ঢকুৱাখনা-ঘিলামৰাত প্ৰতিবাদ

মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ গ্ৰাম্য স্বৰাজ আন্দোলনৰ প্ৰতিভূ স্বৰূপ গ্ৰামোন্নয়ন আঁচনি "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন" । জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত উৎছৰ্গিত এই আইনৰ নাম সলনি কৰি ক্ষমতাৰ ৰাগীত মতলীয়া হোৱা বিজেপি দলে বাস্তৱিকতে জাতিৰ পিতা গৰাকীৰ প্ৰতি চৰম অৱজ্ঞা আৰু অপমান কৰিছে ।

author-image
Asomiya Pratidin
New Update
621

ডিজিটেল সংবাদ, ঢকুৱাখনা : মহামানৱ মহাত্মা গান্ধীৰ সপোনৰ গ্ৰাম্য স্বৰাজ আন্দোলনৰ প্ৰতিভূ স্বৰূপ গ্ৰামোন্নয়ন আঁচনি "মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইন" । জাতিৰ পিতা মহাত্মা গান্ধীৰ নামত উৎছৰ্গিত এই আইনৰ নাম সলনি কৰি ক্ষমতাৰ ৰাগীত মতলীয়া হোৱা বিজেপি দলে বাস্তৱিকতে জাতিৰ পিতা গৰাকীৰ প্ৰতি চৰম অৱজ্ঞা আৰু অপমান কৰিছে ।

এয়া দেশবাসীৰ প্ৰতি গেৰুৱা দলে কৰা চূড়ান্ত তাচ্ছিল্য। ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিয়ে সোমবাৰে দুপৰীয়া এক অনশন কাৰ্যসূচী ৰূপায়ন কৰি এই মন্তব্য কৰে। ঢকুৱাখনা ব্লক কংগ্ৰেছৰ উদ্যোগত ঢকুৱাখনা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত "এম জি এনৰেগা বছাওক" শীৰ্ষক অনশন কাৰ্যসূচী ৰূপায়ন কৰে ।

ব্লক কংগ্ৰেছৰ সভাপতি প্ৰাঞ্জল চুতীয়া ,  সম্পাদক শৰৎ পাতিৰ,জিলা নেতৃত্ব কেশেন চেতিয়া , প্ৰবীণ কংগ্ৰেছ নেতা লালিত্য কুমাৰ দাস, ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীনাক্ষী গগৈ আদিৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছী সকলে হাতে হাতে বিজেপি চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী মূর্দাবাদ , এম জি এন ৰেগা আইনৰ পূৰ্বৰ নামাকৰণ বাহাল ৰাখক, নতুন নামাকৰণ বাতিল কৰক, মহাত্মা গান্ধীৰ প্ৰতি কৰা অপমান সহ্য কৰা নহব আদি দাবী সম্বলিত প্লে"কাৰ্ড প্ৰদৰ্শন কৰে ।

প্ৰায় ডেৰ ঘণ্টা জুৰি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছত কাৰ্যসূচীৰ সামৰণি মাৰে। ব্লক যুৱ কংগ্ৰেছ , মহিলা কংগ্ৰেছৰ কৰ্মকর্তা সকলে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত তাৎক্ষণিকভাৱে অহিংসৰ পূজাৰী ,গ্ৰাম্য স্বৰাজ আন্দোলনৰ কাণ্ডাৰী গৰাকীৰ অতুল্য ত্যাগৰ সশ্ৰদ্ধ স্মৃতিত নামাংকণ কৰা আইনখন পূৰ্বৰ নামতে ৰখাৰ দাবী জনায়। লগতে  জাতিৰ পিতা গৰাকীৰ প্ৰতি গেৰুৱা দল আৰু চৰকাৰে কৰা এনে অপমানসূচক কাণ্ডৰ কটু সমালোচনা কৰি এনে নিকৃষ্ট মানসিকতা প্ৰত্যাহাৰ কৰাৰো দাবী জনায় ।

ইপিনে ঘিলামৰা ব্লক কংগ্ৰেছৰ উদ্যোগটো সোমবাৰে এই দাবীৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰা হয় । ঘিলামৰা খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী ৰূপায়ন কৰে ব্লক কংগ্ৰেছৰ লগতে মহিলা কংগ্ৰেছ ,,যুৱ কংগ্ৰেছ আৰু এন এছ ইউ আইৰ বিষয়ববীয়া আৰু কৰ্মকর্তা সকলে। ব্লক কংগ্ৰেছৰ সভাপতি  সুভাষ দিহিঙীয়া , প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ সভাপতি আনন্দ নৰহ ,ডঃ সুৰজিত দলে ,ঘিলামৰা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি, দেৱজিৎ হাজৰিকা আদি গৰিষ্ঠ সংখ্যক দলীয় নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গেৰুৱা দলৰ হঠকাৰী পদক্ষেপৰ তীব্ৰ সমালোচনা কৰি আইনখন বিলুপ্ত কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰাৰ সকিয়নী প্ৰদান কৰে ।

ঢকুৱাখনা