মন্ত্ৰী অশোক সিংঘল, বিধায়ক গণেশ লিম্বুৰ চূড়ান্ত প্ৰতাৰণাৰ বিৰুদ্ধে আছাৰ প্ৰতিবাদ

অসমত বিজেপি চৰকাৰৰ শাসনকালত সৰ্বত্ৰব্যাপী ব্যাপক উন্নয়ন সাধন হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে সভাই সমিতিয়ে ঘোষণা কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
205

ডিজিটেল সংবাদ, তেজপুৰ : অসমত বিজেপি চৰকাৰৰ শাসনকালত সৰ্বত্ৰব্যাপী ব্যাপক উন্নয়ন সাধন হোৱা বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি প্ৰতিগৰাকী মন্ত্ৰী-বিধায়কে সভাই সমিতিয়ে ঘোষণা কৰি আহিছে। এনে সময়তে ২০১৬ চনৰ পৰা ২০২৬ চনলৈ বিজেপিৰ ১০বছৰীয়া শাসনকালত উন্নয়নৰ নামত বিজেপি চৰকাৰে চূড়ান্তভাৱে কৰা প্ৰতাৰণাৰ বিৰুদ্ধে দেওবাৰে বৰছলা সমষ্টিত ৰাইজৰ সহযোগত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰ হুচিয়াৰ ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে অসম চৰকাৰৰ স্বাস্থ্য আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে কিছুদিন আগলৈকে নিজ গৃহ সমষ্টি ঢেকিয়াজুলিৰ এলেকাত থকা মিছামাৰীৰ বৃহত্তৰ ৰিকামাৰী অঞ্চলৰ সহস্ৰাধিক লোকসকলক বিগত দহবছৰ ধৰি উন্নয়নৰ নামত সকলোফালৰ পৰাই উন্নয়নৰ ক্ষেত্ৰত অৱহেলা কৰি ৰাস্তা-পদূলি আদিৰ তিলমানো উন্নয়ন নকৰিলে। যাৰ ফলত এজাক বৰষুণতে বোকাময় হৈ পৰা ৰিকামাৰী গাঁও এলেকাৰ মুল পথটোৰেই ৰাইজে অতি কষ্ট কৰি যাতায়ত কৰিবলৈ বাধ্য হৈ আহিছে।

এইক্ষেত্ৰত পথটোৰ পকীকৰণ কৰিবলৈ গাঁওবাসীয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলক একাধিকবাৰ আবেদন জনোৱাৰ পিছতো কোনোধৰণে গুৰুত্ব নিদিয়াত উপাইহীন হৈ উক্ত পথটোৰেই যেনে-তেনে কষ্ট কৰি হ'লেও ৰাইজে যাতায়ত কৰিবলৈ বাধ্য হৈ আহিছে। ইফালে সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ পিছত উক্ত গাঁওখন বৰছলা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱাৰ পিছত বিজেপি বিধায়ক গণেশ কুমাৰ লিম্বুৱেও কোনো গুৰুত্ব নিদিয়াত ৰাইজ ক্ষুদ্ধ হৈ পৰে।

WhatsApp Image 2026-03-01 at 9.30.56 PM

সেই অনুসৰি মিছামাৰী আঞ্চলিক আদিবাসী ছাত্ৰসন্থাৰ নেতৃত্বত ৰিকামাৰী ৰাইজ আজি দলেবলে ৰাজপথলৈ ওলাই আহি ঢেকিয়াজুলিৰ বিধায়ক তথা মন্ত্ৰী অশোক সিংহল আৰু বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পৰিস্থিতি উত্তাল কৰি তোলে। এইক্ষেত্ৰত প্ৰতিবাদী আছাৰ নেতাকৰ্মী আৰু ৰাইজে বিজেপি চৰকাৰ হুচিয়াৰ,মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা হুচিয়াৰ, বিধায়ক গণেশ কুমাৰ লিম্বু হুচিয়াৰ ধৰ্ণা দি কয়- এজাক বৰষুণতে বোকাময় হৈ পৰা আমাৰ অঞ্চলৰ
পথটো আজিলৈকে পকী নকৰিলে আৰু আমাক বিগত দিন ধৰি উন্নয়নৰ নামত চূড়ান্তভাৱে প্ৰতাৰণা কৰি আহিছে,আমি চৰকাৰৰ একো সুবিধাই পোৱা নাই।

সকলোতকৈ দুখৰ বিষয় এয়ে যে পথটোত থকা কালভাৰ্টতো বহু বছৰ পু্ৰ্বে ভাগি সোঁ-মাজত এটা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যানবাহন চলাচল কৰাটো বাদেই, দিনতে সৰু ল'ৰা-ছোৱালীয়ে খোজ কাঢ়ি অহা-যোৱা কৰাৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সৃষ্টি হোৱাৰ পিছতো বিজেপি চৰকাৰে আমাৰ সমস্যাক কোনো গুৰুত্বই নিদিলে। ইয়াৰোপৰি প্ৰতিটো নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহা বিজেপিৰ প্ৰাৰ্থী সকলে সমস্যা বোৰৰ সমাধান কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি ভোট আদায় কৰাৰ পিছত সকলো পাহৰি যায় বুলিও অভিযোগ কৰে।

পূৰ্বতে আমাৰ ভোট লৈ বিধায়ক হৈ গুৱাহাটীত থাকি এই সমস্যাবোৰৰ কথা পাহৰি যোৱা বেপাৰী অশোক সিংহলে আমাৰ ৰাইজক ইমান দিনে প্ৰতাৰণাই কৰি আহিছে । আমাৰ আদিবাসী গাঁওবোৰৰ ৰাস্তা-পদূলি আদিৰ কোনো উন্নয়ন নকৰা বিজেপি চৰকাৰখনে এইবাৰ গম পাব। আদিবাসী ৰাইজক মাহীআইৰ দৃষ্টিৰে চোৱা বিজেপিৰ বিৰুদ্ধে আদিবাসী ৰাইজ আজি জাগি উঠিছে আৰু প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে।

উল্লেখ্য যে দহবছৰীয়া বিজেপি চৰকাৰৰ পিছতো মিছামাৰী অঞ্চলৰ পথ, খোৱাপানী, চিকিৎসাকে আদি কৰি বহু সমস্যাৰ আজিও সমাধান নহ'ল। 

বিজেপি চৰকাৰ