/asomiyapratidin/media/media_files/2026/03/01/208-2026-03-01-23-36-54.jpg)
ডিজিটেল সংবাদ, তেজপুৰ : ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শোণিতপুৰ জিলাৰ আন আন সমষ্টিৰ সমান্তৰালকৈ বৰছলাতো শাসকীয় অগপ বিজেপি আৰু বিৰোধী দল কংগ্ৰেছ, ৰাইজৰ দলেও নিজা সাংগঠনিক ভেটি শক্তিশালী কৰি উঠি পৰি লাগিছে। এনে সময়তে বৰছলা সমষ্টিত কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্বৰ দাবী তোলা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুন বৰাৰ বিৰুদ্ধে আদিবাসী ছাত্ৰসন্থা (আছা)ই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিবেশ উত্তাল কৰি তোলে।
ইমানেই নহয় আছাৰ প্ৰতিবাদকাৰীসকলে বৰছলা সমষ্টিত কংগ্ৰেছ নেতা ৰিপুন বৰাৰ প্ৰাৰ্থিত্বৰ বিৰোধীতা কৰি আদিবাসী গাঁও অঞ্চলত প্ৰবেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে। উল্লেখ্য যে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰসন্থা (আছা)ৰ অন্যতম মিছামাৰী আঞ্চলিক সমিতিয়ে বৰছলা সমষ্টিৰ অন্তৰ্গত ৰিকামাৰীত ৰিপুন বৰাৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ সহযোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কংগ্ৰেছ নেতা ৰিপুন বৰা গবেক,ৰিপুন বৰা হাই হাই, উই ৱান্ট জাষ্টিছ আদি ধ্বনি দি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে ।
এইক্ষেত্ৰত প্ৰতিবাদী আছাৰ নেতা-কৰ্মী আৰু স্থানীয় ৰাইজে গহপুৰৰ চাহজনগোষ্ঠীৰ নেতা ডেনিয়েল তপ্নৰ হত্যাৰ প্ৰসংগ উত্থাপন কৰি ৰিপুন বৰাৰ প্ৰাৰ্থিত্বৰ মুকলি বিৰোধীতা কৰে আৰু কংগ্ৰেছৰ পৰা তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কোনো কাৰণতে মানি লোৱা নহ'ব বুলিও কঠোৰভাৱে সকিয়াই দিয়ে ।
ইয়াৰোপৰি আছাৰ মিছামাৰী আঞ্চলিকৰ নেতৃত্বই প্ৰতিবাদস্থলীৰ পৰাই ৰিপুন বৰাক বৰছলাত প্ৰবেশ নিষিদ্ধ কৰাৰো হুংকাৰ দিয়ে। এই সন্দৰ্ভত আছাৰ নেতৃত্বই কয় কংগ্ৰেছে যে ৰিপুন বৰাৰ দৰে এজন ব্যক্তিক টিকট দিব বিচাৰিছে আৰু কোনো নেতা বৰছলাত বিচাৰি পোৱা নাই নেকি? আমি স্পষ্টভাৱে কও বৰছলাত এনে নেতা নালাগে সেয়ে কংগ্ৰেছে বিষয়টো সঠিকভাৱে চিন্তা কৰি লওক।
উল্লেখ্য যে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰসন্থা (আছা)ৰ সভাপতি আনন্দ তাঁতিয়েও অলপতে কংগ্ৰেছ নেতা ৰিপুন বৰাৰ বিৰুদ্ধে আক্ৰমনাত্মক মন্তব্য কৰি চাহজনগোষ্ঠী আৰু আদিবাসীলোকৰ মাজত ৰিপুন বৰাক লৈ এটা গুৰুতৰ ইছ্যু তথা অভিযোগ আছে আৰু যাৰ বাবে আমাৰ ৰাইজে তেওক কোনো কাৰণতে গ্ৰহণ কৰিব নিবিচাৰে বুলি কৈছিল। এনে ক্ষেত্ৰত বৰছলাত কংগ্ৰেছ নেতা ৰিপুন বৰাই দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিলে কিদৰে আগুৱাব সেয়া সময়েহে ক'ব।
উল্লেখ্য যে গহপুৰত ধাৰাবাহিকভাৱে বিজেপিৰ হাতত বেয়াকৈ পৰাজিত হোৱা কংগ্ৰেছ নেতা ৰিপুন বৰাই আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে গহপুৰ,বিহালি,বিশ্বনাথ,নদুৱাৰ,ৰঙাপৰা আৰু তেজপুৰকে ধৰি ছয়টা সমষ্টি পাৰ হৈ বৰচলা সমষ্টিত স্থানীয় প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাসকলৰ কষ্টক গুৰুত্বহীন নিজে যিকোনো প্ৰকাৰে দলৰ প্ৰাৰ্থী হবৰ কাৰণে উঠিপৰি লগাত তৃনমূল পৰ্যায়ৰ নেতাকৰ্মী সকল ক্ষুদ্ধ হৈ পৰিছে। এইক্ষেত্ৰত বৰছলাৰ বহু কংগ্ৰেছ নেতাকৰ্মীয়ে সমষ্টিটোত ৰিপুন বৰাৰ প্ৰাৰ্থিত্বৰ বিৰোধীতা কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us