ভূমিপট্টা প্ৰদানৰ দাবীত ঢেকীয়াজুলিত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ঢেকীয়াজুলি সমষ্টিৰ উত্তৰ অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলক মাটি পট্টা তথা মাটিৰ নথি প্ৰদানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে পদক্ষেপ নোলোৱাত সৰব হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-24 at 12.32.50 PM

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ ঢেকীয়াজুলি সমষ্টিৰ উত্তৰ অঞ্চলত বসবাস কৰা আদিবাসী লোকসকলক মাটি পট্টা তথা মাটিৰ নথি প্ৰদানৰ ক্ষেত্ৰত স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহলে পদক্ষেপ নোলোৱাত সৰব হৈ পৰিছে ৷

Capturesdfsdsdsd

মঙলবাৰে দিনৰ ১১-৪৫ বজাত আদিবাসী ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলে ঢেকীয়াজুলি নগৰৰ মাজমজিয়াত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মন্ত্ৰী সিংহলৰ পুত্তলিকা দাহ কৰে ৷ সংগঠনটোৰ সদস্যসকলে বিভিন্ন শ্লোগানেৰে সাৱ্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীয়ে অশোক সিংহল মুৰ্দাবাদ, অশোক সিংহল গ’বেক, অশোক সিংহলৰ দাদাগিৰি নচলিব আদি বিভিন্ন শ্লোগান দিয়া পৰিলক্ষিত হয় ৷

Capturecxxcsdsasasa

আদিবাসী ছাত্ৰ সন্থাৰ ঢেকীয়াজুলি আঞ্চলিক সমিতিৰ সভাপতি চিকদাৰ কিষাণ আৰু সম্পাদক দীনেশ তাঁতীৰ নেতৃত্বত ৰূপায়িত উক্ত কাৰ্যসূচীত আছাৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি আনন্দ তাঁতীৰ লগতে কেইবাজন সদস্য উপস্থিত থাকে ৷

ঢেকীয়াজুলি