বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ

বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলি আজি এক পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নেৰ্তৃত্বত বিটিচি সচিবালয়ৰ কাষত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ

ডিজিটেল সংবাদ কোকৰাঝাৰঃ বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলি আজি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ নেৰ্তৃত্বত বিটিচি সচিবালয়ৰ কাষৰ পাগলাবাবা মন্দিৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত বঞ্চিত প্ৰাৰ্থী আৰু বড়োলেণ্ড ছাত্ৰ সন্থাৰ একাংশ কৰ্মীয়েও অংশগ্ৰহণ কৰে। 

Advertisment

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে’কাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি শেহতীয়াভাৱে বিটিচিয়ে নিযুক্তি দিয়া ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড আৰু ভিচিডিচিৰ সচিব নিযুক্তিত ভয়াৱহ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে বিটিচিৰ নিযুক্তি ব’ৰ্ডৰ অধ্যক্ষক বৰ্খাস্ত কৰাৰ দাবী তোলাৰ লগতে প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। 

ইপিনে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে সংবাদমাধ্যমৰ আগত কয় যে, অসম তথা ভাৰততে বিটিচিৰ দৰে চাকৰিৰ ভয়াৱহ কেলেংকাৰী দেখা নাই। শেহতীয়াভাৱে বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি ফৰেষ্টাৰ, ফৰেষ্ট গাৰ্ড, ভিচিডিচিৰ সচিব আদি পদত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে। 

লিখিত পৰীক্ষাৰ ফলাফল তালিকাত পৰীক্ষাৰ্থীৰ নাম, নম্বৰ উল্লেখ নকৰাৰ লগতে জাতিগত সংৰক্ষণৰ বিষয়েও উল্লেখ কৰা নাই। চূড়ান্ত ফলাফল তালিকাত প্ৰাৰ্থীয়ে লাভ কৰা সৰ্বমুঠ নম্বৰৰ তালিকাও প্ৰকাশ কৰা নাই। 

মেধা তালিকাত কাট অফ মাৰ্ক নোহোৱাকৈ নিযুক্তি দিয়াৰ অভিযোগ তুলি টেট শিক্ষক নিযুক্তিতো মাহী আইৰ দৃষ্টি দিয়া বুলি উল্লেখ কৰিছে। তদুপৰি শাৰীৰিক পৰীক্ষাত পৰীক্ষাৰ্থীৰ কোনো ভিডিঅ' ৰেকৰ্ডিং নাই।  নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুসূচীত জাতি,  অনুসূচীত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদিৰ সংৰক্ষণ নীতি, ৰষ্টাৰ পদ্ধতি মানি চলা হোৱা নাই বুলি উল্লেখ কৰিছে। 

ৰাজনৈতিক স্বাৰ্থৰ বাবে যুৱক-যুৱতীসকলৰ ভৱিষ্যত বন্ধকত থৈছে বুলি মন্তব্য কৰি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে দুৰ্নীতিৰ বিৰুদ্ধে আৰু ন্যায় প্ৰাপ্তিৰ বাবে শীঘ্ৰেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে। তদুপৰি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচে বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীৰ কন্যা জাৰিমিন বসুমতাৰী,  ইউপিপিএলৰ চিৰাং জিলাৰ সাধাৰণ সম্পাদক অমৰসিং ব্ৰহ্মৰ কন্যা মাইনাও ব্ৰহ্ম, বিটিচিৰ বনবিভাগৰ কাৰ্যবাহী সদস্যৰ ব্যক্তিগত সহায়ক প্ৰণয় বসুমতাৰীৰ পত্নী বৰদৈ বসুমতাৰী, ইউপিপিএলৰ কৰ্মী ভীমসিং নাৰ্জাৰীয়ে অবৈধ ভাৱে চাকৰি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইপিনে প্ৰতিবাদৰ অন্তত কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ প্ৰধান সচিবলৈ স্মাৰকপত্ৰ প্ৰদান কৰি বিটিচিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰাৰ লগতে পৰীক্ষাৰ্থীসকলক ন্যায় প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

কোকৰাঝাৰ প্ৰতিবাদ বি টি চি