ৰাজ্যসভাৰ নিৰ্বাচনত NDA ৰ হৈ নহয়, UPPL দলৰ হৈ মনোনয়ন দাখিল কৰিছোঃ প্ৰমোদ বড়ো

সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ বিটিচিতো বলিছে নিৰ্বাচনী গৰম বতাহ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। এই বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ বিটিচিতো বলিছে নিৰ্বাচনী গৰম বতাহ। প্ৰতিটো দলে আৰম্ভ কৰিছে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ।

তাৰ মাজতে চিৰাঙৰ কাজলগাঁৱত প্ৰমোদ বড়োৰ নেতৃত্বতাধীন ইউপিপিএল দলৰ উদ্যোগত বৃহৎ শান্তিৰ মটৰচাইকেল সমদল উলিওৱা হয়। ইপিনে ইউপিপিএল দলৰ পৰা ১৯ নং চিদলী চিৰাং বিধানসভা সমষ্টিত এই মটৰচাইকেল সমদল উলিওৱা হয়।

উল্লেখ্য যে- যুৱ ইউপিপিএল দলৰ  উদ্যোগত আয়োজিত এই সমদলত ইউপিপিএল দলৰ শীৰ্ষ নেতৃত্বৰ লগতে দলৰ সভাপতি প্ৰমোদ বড়োৱে এই কাৰ্যসূচীত  অংশগ্ৰহণ কৰি  মন্তব্য প্ৰদান কৰে।তেওঁ কয়-ৰাজ্যসভাৰ নিৰ্বাচনত মই NDA ৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰা নাই,মই UPPL দলৰ হৈহে মনোনয়ন দাখিল কৰিছো । 

প্ৰমোদ বড়ো