নেতা নহয়, হাগ্ৰামা কৌতুক অভিনেতাহেঃ প্ৰমোদ বড়োৰ কটাক্ষ...

বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। যিমানেই সময় চমু চাপিছে সিমানেই কথাৰ কটা-কটি আৰু যুক্তি বাঢ়িছে বড়োভূমিৰ নেতাসকলৰ। শুকুৰবাৰৰ দিনটোত পুনৰ হাগ্ৰামা মহিলাৰীৰ

author-image
Asomiya Pratidin
New Update
PROOOD

ডিজিটেল ডেস্কঃ বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। যিমানেই সময় চমু চাপিছে সিমানেই কথাৰ কটা-কটি আৰু যুক্তি বাঢ়িছে বড়োভূমিৰ নেতাসকলৰ। শুকুৰবাৰৰ দিনটোত পুনৰ হাগ্ৰামা মহিলাৰীৰ লক্ষ্য কৰি ল'লে ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োৱে।

নাম নোলোৱাকৈ প্ৰমোদ বড়োৱে কয়-  ভোট নোহোৱাকৈ নিজক নিৰ্বাচিত কৰিলে এজন নেতাই।  ৰাইজে নিৰ্বাচন নকৰাকৈ কৰিলে নিজক নিৰ্বাচন।  শপত গ্ৰহণৰ দিনো ঠিক কৰিলে নেতাজনে।  কোন এই আজৱ নেতা?

বি টি আৰ প্ৰধান গৰাকীয়ে লগতে কয়-   সমাগত বিটিআৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন ২২ ছেপ্তেম্বৰত ভোটগ্ৰহণ দিন ধাৰ্য্য কৰা হৈছে যদিও ভোটগ্ৰহণৰ পূৰ্বেই নিজক বিজয়ী ঘোষণা কৰিলে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীয়ে। গণতন্ত্ৰক হাগ্ৰামা মহিলাৰীয়ে ভেঙুচালি কৰা বুলিও কয় প্ৰমোদ বড়োৱে। 

হাগ্ৰামাই ৰাইজৰ আস্থা আৰু হেপাঁহক বুঢ়া আঙুলি দেখুৱাইছে বুলিও কয় তেওঁ । উল্লেখ্য যে,  হাগ্ৰামা মহিলাৰীয়ে ৰাজহুৱা স্থানত সাংবাদিকক মুকলিকৈ কৈছে যে তেওঁ তিনি অক্টোবৰত শপত গ্ৰহণ কৰিব আৰু অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যপালকো মাতিব। লগতে ২৬ ছেপ্তেম্বৰৰ পৰা গাহৰি মাংস আৰু ছাগলী মাংসৰ ভোজৰ আয়োজন কৰিব হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামাৰ এনেবোৰ কথাৰ বাবেই  বড়োভূমিৰ কৌতুক অভিনেতা হিচাপে পৰিগণিত হোৱা বুলিও কটাক্ষ কৰে প্ৰমোদ বড়োৱে। তেওঁ কয়-  খুহুতীয়া কথা কিন্তু জনপ্ৰতিনিধি হিচাপে গম্ভীৰতা নাই।  ইয়াৰ তুলনাত ৰাইজৰ নেতা কিমান অধ্যয়নশীল তথা ৰাইজক সম্মান জনোৱা হয় বুলি আপুনি ভাৱে, কথাটো নিজেই চিন্তা কৰক। ' উল্লেখ্য যে, অহা ২২ছেপ্টেম্বৰত বি টি আৰত নিৰ্বাচন আৰু ২৬ছেপ্টম্বৰত ঘোষণা হ'ব ফলাফল। 

প্ৰমোদ বড়ো