BTC ELECTION: গৈবাৰীত প্ৰমোদ বড়োৰ অগ্ৰগতি...

বি টি চি নিৰ্বাচনৰ ফলাফলৰ দিনটোত ঘনে ঘনে সলনি হৈছে প্ৰেক্ষাপট। ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োৱে প্ৰতিন্দন্দ্বিতা কৰা দুটা সমষ্টিৰ ভিতৰত ২৮নং গৈবাৰী সমষ্টিত প্ৰায় ৯০০ভোটত আগবাঢ়ি আছে। প্ৰথম ৰাউণ্ডৰ

author-image
Asomiya Pratidin
New Update
UJJJJS

ডিজিটেল ডেস্কঃ বি টি চি নিৰ্বাচনৰ ফলাফলৰ দিনটোত ঘনে ঘনে সলনি হৈছে প্ৰেক্ষাপট। ইউ পি পি এল প্ৰধান প্ৰমোদ বড়োৱে প্ৰতিন্দন্দ্বিতা কৰা দুটা সমষ্টিৰ ভিতৰত ২৮নং গৈবাৰী সমষ্টিত প্ৰায় ৯০০ভোটত আগবাঢ়ি আছে। প্ৰথম ৰাউণ্ডৰ অন্তত প্ৰমোদ বড়োৱে সমষ্টিটোত লাভ কৰিছে ৪৫১২টা ভোট। ইয়াৰ বিপৰীতে বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৬৩০টা ভোট।

আনফালে প্ৰমোদ বড়োৰ আনটো সমষ্টি ডতমাত অগ্ৰগতি লাভ কৰি আছে বি জে পিৰ প্ৰাৰ্থীগৰাকী। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থীগৰাকী প্ৰথম ৰাউণ্ডৰ অন্তত  ১০০৯টা ভোট অগ্ৰগতি লাভ কৰি আছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২৩৩২টা ভোট লাভ কৰাৰ বিপৰীতে প্ৰমোদ বড়োৱে লাভ কৰিছে ১৩২৩টা ভোট। 

বি টি চি