/asomiyapratidin/media/media_files/2026/03/06/udjjjd-2026-03-06-23-52-51.jpg)
ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যসভাৰ খালী হোৱা তিনিখন আসনৰ ভিতৰত এখন আসনত বিনা প্ৰতিদ্বন্দিতাৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো নিৰ্বাচিত হোৱাত ইউপিপিএল নেতা-কৰ্মীৰ মাজত আনন্দৰ বন্যা বৈছে । সেই উপলক্ষে আজি কোকৰাঝাৰত প্ৰমোদ বড়োক বিপুল আদৰণি জনোৱা হয় । কোকৰাঝাৰ সদৰ থানাৰ কাষৰ পৰা ইউপিপিএল নেতা-কৰ্মীসকলে নাচি-বাগি , বেণ্ড পাৰ্টী বজাই, ফটকা ফুটাই , পুষ্পবৃষ্টিৰে বিপুল আদৰণি জনাই প্ৰমোদ বড়োক ইউপিপিএলৰ মুখ্য কাৰ্যালয়লৈ আদৰি নিয়া হয় ।
চৌদিশে অতি আনন্দময় পৰিৱেশৰ মাজত প্ৰমোদ বড়োক দলীয় মুখ্য কাৰ্যালয়লৈ আদৰি নিয়াৰ পিছত প্ৰমোদ বড়োৱে দলীয় সকলো কৰ্মকৰ্তাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইয়াৰ পিছত সংবাদমাধ্যমৰ আগত প্ৰমোদ বড়োৱে তেওঁৰ হৈ প্ৰস্তাৱ দিয়া ইউপিপিএলৰ বিধায়ক আৰু আন দলৰ বিধায়কসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। অহা ৯ মাৰ্চত চাৰ্টিফিকেট( প্ৰমানপত্ৰ ) দিব বুলি মন্তব্য কৰি সদনত সংবিধানৰ ১২৫ তম সংশোধনীৰ বিষয়ে মাত মতাই মূল এজেণ্ডা হ'ব বুলি মন্তব্য কৰিছে প্ৰমোদ বড়োয়ে।
ইউপিপিএল অতি চালুকীয়া অৱস্থাৰ পৰা আহি আজি তিনিগৰাকীকৈ সাংসদ পালে বুলি মন্তব্য কৰি কয় যে যি সময়ত মানুহৰ জীৱন -সম্পত্তিৰ নিৰাপত্তাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছিল , যি সময়ত গোষ্ঠীগত সংঘৰ্ষময় পৰিৱেশৰ সৃষ্টি হৈছিল তেনে সময়তে ইউপিপিএল দলে বিটিচিৰ শাসনভাৰ হাতত লৈ শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে উন্নয়নৰ গতিধাৰা সবল কৰি তুলি ডাঙৰ উদাহৰণ ডাঙি ধৰা বুলি মন্তব্য কৰিছে প্তমোদ বড়োৱে । দেশৰ বাবে কেনেদৰে ভাল পলিচি মেকিং কৰিব পাৰো আৰু বিটিচিৰ উন্নয়নে প্ৰধান লক্ষ্য বুলি মন্তব্য কৰি প্ৰমোদ বড়োৱে তেওঁৰ ওপৰত আস্থা ৰখাত সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰিছে ।
ইপিনে ৰাজ্যসভাৰ খালী হোৱা তিনিখন আসনৰ ভিতৰত এখন আসনত ইউপিপিএলৰ দলৰ প্ৰাৰ্থী তথা দলৰ সভাপতি প্ৰমোদ বড়ো নিৰ্বাচিত হোৱাটো ঐতিহাসিক জয় বুলি আখ্যা দিছে ইউপিপিএল দলৰ কেন্দ্ৰীয় সাধাৰন সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয় ৷ কোকৰাঝাৰ চহৰস্থিত দলৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি ৰাজু কুমাৰ নাৰ্জাৰীয়ে কয় যে স্বাধীনত্তোৰৰ পিছত পোন প্ৰথমবাৰৰ বাবে বড়োলেণ্ড এলেকাৰ পৰা এইবাৰ তিনিজন সাংসদ পাবলৈ সক্ষম হৈছে।
বড়োভূমিৰ ৰাজনীতিত কাহানিও তিনিজন সাংসদ নাছিল আৰু প্ৰমোদ বড়ো এইবাৰ ৰাজ্যসভাৰ সাংসদ নিৰ্বাচিত হৈ ঐতিহাসিক নজিৰ স্থাপন কৰিলে। সংবাদমেলত তেওঁ কয় যে ইউপিপিএলৰ তিনি সাংসদৰ মূল লক্ষ্য উদ্দেশ্য হ’ব ভাৰতৰ সংবিধানৰ ১২৫ তম সংশোধনী অনাটো ৷ কাৰণ সংবিধানৰ ১২৫ সংশোধনী বিধেয়ক গৃহীত হলে সংবিধানৰ অনুচ্ছেদ ২৮০ ৰ আধাৰ মৰ্মে ষষ্ঠ অনুসূচিতসমুহ লাভাম্বিত হ'ব। তদুপৰি বিটিচিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা পোণপটীয়াকৈ আৰ্থিক পুজি আদায় পােৱাত সহায়ক হ'ব বুলিও মন্তব্য কৰে ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷
তেওঁ আৰু কয় - বাজেটৰ ধন নিয়মানুসৰে জনসংখ্যাৰ ১৩ শতাংশকৈ পাব লাগে । বড়োলেণ্ডত বৰ্তমান প্ৰায় ৪০ লাখ জনসংখ্যা আছে । সেইমৰ্মে আমি ৩০০০০ কোটি পাব লাগে , কিন্তু আমি সকলো মিলাই আমি ৩৫০০ কোটি মান হে পাই আছো। তদুপৰি সংবিধান সংশোধনী হলে বিটিচিৰ ৪০ টা সমষ্টিৰ পৰিবৰ্তে ৬০ টা সমষ্টি হ'ব আৰু তেতিয়া সকলো জাতি জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলিও মন্তব্য কৰিছে ৰাজু কুমাৰ নাৰ্জাৰীয়ে । সংবাদমেলত ৰাজ্যসভাৰ এখন আসনত প্ৰমোদ বড়ো বিনাপ্ৰতিদ্বণ্ডিতাৰে জয়ী হোৱাত মনোনয়ন প্ৰপত্ৰৰ প্ৰস্তাৱত অগপ আৰু এআই ইউ ডি এফৰ বিধায়কে স্বাক্ষৰ কৰাত আজি দুয়োটা দলৰ বিধায়ক সকলক ধন্যবাদ জনায় ।
তদুপৰি ৰাজ্যসভাৰ এখন আসনত কংগ্ৰেছ আৰু বিজেপিয়ে বিৰোধ নকৰি তথা প্ৰাৰ্থী প্ৰক্ষেপ নকৰি ইউপিপিএলৰ দলৰ সভাপতি প্ৰমোদ বড়োক জয়ী কৰাত শলাগ লয় ইউপিপিএলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ তদুপৰি বিজেপি দলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰিছে ৰাজু কুমাৰ নাৰ্জাৰীয়ে ৷ আনহাতে ৰাজ্যসভাৰ আন দুখন আসনত বিজেপিৰ জ্যেষ্ঠ নেতা যোগেন মহন আৰু তেৰছ গোৱালা নিৰ্বাচিত হোৱাত দুয়োগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ইউপিপিএলে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us