ডতমাত প্ৰমোদ বড়োতকৈ আগবাঢ়িল বিজেপি! আনফালে হাগ্ৰামাতকৈ আগত খাম্ফা...

দ্বিতীয় ৰাউণ্ডৰ অন্তত ১৪নং চিৰাং দুৱাৰ সমষ্টিত ৬৮৮টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।  সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৬০২৯টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফৰ হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ৫৩৪১টা ভোট।

author-image
Asomiya Pratidin
New Update
uhhhd

ডিজিটেল ডেস্কঃ দ্বিতীয় ৰাউণ্ডৰ অন্তত ১৪নং চিৰাং দুৱাৰ সমষ্টিত ৬৮৮টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।  সমষ্টিটোত ইউ পি পি এলৰ প্ৰাৰ্থীগৰাকীয়ে ৬০২৯টা ভোট লাভ কৰাৰ বিপৰীতে বি পি এফৰ হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ৫৩৪১টা ভোট।

আনফালে প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ডতমা সমষ্টিটোত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী। সমষ্টিটোত বি পি এফৰ প্ৰাৰ্থীগৰাকীয়ে ২২৪৫টা ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে প্ৰমোদ বড়োৱে লাভ কৰিছে ২৮৮৪টা ভোট। এই সকলোবোৰৰ ওপৰত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৩৭৫৫টা ভোট।  সমষ্টিটোত ৮৭১টা ভোটত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থীগৰাকী।

প্ৰমোদ বড়োৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা  ২৮নং গৈবাৰী সমষ্টিত ১৮২৪টা আগবাঢ়ি আছে। সমষ্টিটোত প্ৰমোদ বড়োৱে লাভ কৰিছে ৮৮৪৯টা ভোট আৰু বি পি এফে লাভ কৰিছে ৭০২৫টা ভোট। 

বি টি চি