/asomiyapratidin/media/media_files/2025/12/30/556-2025-12-30-19-21-47.jpg)
ডিজিটেল সংবাদ, গহপুৰ : ফিজিক্স অলিম্পিয়াড পৰীক্ষাৰ ফলাফলত সফলতাৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ সক্ষম হৈছে গহপুৰৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান নিউ স্কলাৰ্ছ একাডেমীয়ে। ২০২৫ বৰ্ষৰ ফিজিকছ অলিম্পিয়াড পৰীক্ষাৰ ঘোষিত ফলাফলত ছয়দুৱাৰ মহাবিদ্যালয় কেন্দ্ৰৰ ভিতৰত সফলতাৰে উত্তীৰ্ণ হৈছে নিউ স্কলাৰ্ছ একাডেমীৰ চাৰি গৰাকী শিক্ষাৰ্থী ।
তেওঁলোক হৈছে দ্বাদশ শ্ৰেণীৰ স্বাগত প্ৰাণ দত্ত, নৱম শ্ৰেণীৰ মৃণ্ময় বৰা,দশম শ্ৰেণীৰ নিশিতা বৰমুদৈ আৰু নৱম শ্ৰেণীৰ সৃষ্টি প্ৰিয়া দাস। বছৰটোৰ শেষত লাভ কৰা শৈক্ষিক ক্ষেত্ৰৰ এই যোগাত্মক খবৰে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক যথেষ্ট উৎসাহিত কৰি তুলিছে।
এই আশাপ্ৰদ সাফল্যৰ বাবে পদাৰ্থ বিজ্ঞান বিষয়ৰ শিক্ষক নৱদীপ শইকীয়াই তেওঁলোকক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us