বিশিষ্ট ভাষাবিদ, সাহিত্যিক, অধ্যাপক নাহেন্দ্ৰ পাদুন অসুস্থঃ আছে চিকিৎসকৰ নিৰীক্ষণত...

অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নাহেন্দ্ৰ পাদুন অসুস্থ। স্নায়ুজনিত ৰোগত আক্ৰান্ত সাহিত্যিকগৰাকীক যোৱা ২৮ ছেপ্তেম্বৰত গুৱাহাটীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। 

author-image
Asomiya Pratidin
New Update
new ap web 1

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক নাহেন্দ্ৰ পাদুন অসুস্থ। স্নায়ুজনিত ৰোগত আক্ৰান্ত সাহিত্যিকগৰাকীক যোৱা ২৮ ছেপ্তেম্বৰ ২০২৫ ত গুৱাহাটীৰ এপল ইণ্টাৰনেচনলেন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। 

স্নায়ুজনিত ৰোগৰ লগতে উচ্চ ৰক্তচাপ, মধুমেহকে ধৰি অন্যান্য বাৰ্ধক্যজনিত ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত বিশিষ্ট সাহিত্যিকগৰাকী। প্ৰায় এসপ্তাহ পূৰ্বেই গুৱাহাটীস্থিত নিজৰ পুত্ৰৰ বাসগৃহলৈ আহি স্বাস্থ্য সম্পৰ্কীয় প্ৰয়োজনীয় পৰীক্ষা কৰোৱাৰ সময়তে তেওঁক চিকিৎসকে হাস্পতালত ভৰ্তি হ'বলৈ পৰামৰ্শ দিয়ে আৰু সেই মতেই তেওঁ ২৮ ছেপ্তেম্বৰত হাস্পতালত ভৰ্তি হয়।  

তাৰ পাছতে তেওঁৰ এটি সৰু অস্ত্ৰোপচাৰো সম্পন্ন হৈ যায়। আজি তেওঁক চিকিৎসকে হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়ে যদিও অহা কেইটামান দিনলৈ তেওঁ চিকিৎসকৰ নিৰীক্ষণত থাকিব বুলি জানিব পৰা গৈছে।  

উল্লেখ্য যে, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা বঁটাৰে সন্মানিত ভাষাবিদ, সাহিত্যিক, অধ্যাপক নাহেন্দ্ৰ পাদুনে অসমীয়া ভাষাৰ উপৰিও মিচিং ভাষালৈ অনবদ্য অৱদান আগবঢ়াইছে। অসমীয়া ভাষাৰ উপৰিও মিচিং ভাষা-সাহিত্যৰ প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে সাহিত্যিকগৰাকীক ২০১৯ চনত 'সাহিত্যচাৰ্য' উপাধিৰে বিভূষিত কৰা হৈছিল।

২০ খনৰো অধিক গ্ৰন্থ আৰু বহুকেইখন সম্পাদিত গ্ৰন্থৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰিছে। সাহিত্য তত্ব আৰু আলোচনা তত্ব তেওঁৰ অনবদ্য সৃষ্টি।

১৯৪১ চনত জন্মগ্ৰহণ কৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ডি এইছ এছ কানৈ মহাবিদ্যালয়ৰ পৰা ১৯৬৫ চনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল।

১৯৭১ চনত শিৱসাগৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰি একেখন মহাবিদ্যালয়ৰ একেটা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে ২০০৫ চনত অৱসৰ গ্ৰহণ কৰে। ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা নাহেন্দ্ৰ পাদুন মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আৰু পৰৱৰ্তী সময়ৰ দুবাৰৰ সভাপতি।

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুন