/asomiyapratidin/media/media_files/2026/02/28/dusdsdshdsdhsiu-2026-02-28-16-21-10.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সমগ্ৰ শিক্ষা, ধেমাজি জিলাৰ উদ্যোগত জিলাখনৰ স্বীকৃতিপ্ৰাপ্ত ৯খন পি এম শ্ৰী বিদ্যালয়ৰ মাজত প্ৰকল্প ভিত্তিক শিক্ষণ ( Project Base Learning) পদ্ধতি সন্দৰ্ভত এক বিজ্ঞান মনস্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
শনিবাৰে ধেমাজি টাউন মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এই প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা আয়োজন কৰে। তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখন শুভ উদ্বোধন কৰে বিদ্যালয় শিক্ষা বিভাগ, ধেমাজি জিলাৰ শিক্ষা বিষয়া কবিতা ডেকাই। কবিতা ডেকাই ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক শিক্ষা গ্ৰহণৰ দিনৰ পৰাই বিজ্ঞান সুলভ মানসিকতা গঢ়ি বিভিন্ন ধৰণৰ সৃষ্টিশীল কামকাজ, জটিল চিন্তা-চৰ্চা, প্ৰকৃত পৃথিৱীখনৰ বাস্তৱ চৰিত্ৰৰ সৈতে পৰিচয় কৰোৱা আদি দিশসমূহত গুৰুত্ব দিবলৈ উপস্থিত শিক্ষাগুৰু সকলৰ প্ৰতি আহ্বান জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/28/whatsapp-image-2026-02-28-16-21-59.jpeg)
তিনিটা শাখাত মুঠ ১৪টা প্ৰতিযোগীদলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক সত্যব্ৰত গগৈ, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক কৈলাশ সিং আৰু পি এম শ্ৰী ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পাৰ্থ প্ৰতিম বৰা বিচাৰক হিচাপে উপস্থিত থাকি প্ৰতিযোগী দলসমূহক প্ৰকল্পসমূহৰ বিপৰীতে মুকলিকৈ প্ৰদৰ্শন (demostratation )আৰু প্ৰশ্নৰ জৰিয়তে মানদণ্ড নিৰূপণ কৰে।
তিনিওগৰাকী বিচাৰকে শিক্ষাৰ্থীসকলৰ প্ৰতি উত্তম বিজ্ঞানৰ আৰ্হি বা প্ৰকল্প প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰকল্পটোৰ সমস্যা আৰু সমাধান, মৌলিক চিন্তা, বৈজ্ঞানিক পদ্ধতি, ব্যৱহাৰিক প্ৰয়োগ, উপযুক্ত তথ্য বা সমল সংগ্ৰহৰ লগতে উপস্থাপনৰ কৌশলৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। সমগ্ৰ শিক্ষা, জিলা আঁচনি বিষয়া ( শিক্ষক প্ৰশিক্ষণ) অৰুণিমা দুৱৰা উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান সন্মত মনোভাৱ সৃষ্টি আৰু প্ৰয়োগ অধিক শক্তিশালী কৰাৰ লগতে অনুপ্রাণিত আৰু উৎসাহিত কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰতি অনুৰোধ জনায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/28/whatsapp-image-2026-02-28-16-22-46.jpeg)
তিনিওগৰাকী বিচাৰকৰ নিখুঁত বিচাৰ প্ৰক্ৰিয়াৰ অন্তত নিম্ন শাখাত পি এম শ্ৰী গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে পি এম শ্ৰী ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় । আনহাতে মধ্য শাখাতো পি এম শ্ৰী গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান আৰু পি এম শ্ৰী পুষ্পধৰ পেগু মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।
ইফালে, উচ্চ শাখাত পি এম শ্ৰী পুষ্পধৰ পেগু মেম'ৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰাৰ বিপৰীতে পি এম শ্ৰী গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে দ্বিতীয় স্থান লাভ কৰি ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হব লগা প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। দিনজোৰাকৈ অনুষ্ঠিত প্ৰতিযোগিতাখনিত জিলা আঁচনি বিষয়া অৱনী নাথ, এফ. এল. এন.ৰ জিলা প্ৰলোচক জীৱন জ্যোতি শইকীয়া,ধেমাজি শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি ৰূপশিখা গগৈ, মণ্ডল সমন্বয়ক ক্ৰমে চম্পক সোণোৱাল, অৰুণ জ্যোতি ৰাজখোৱা আৰু পংকজ কুমাৰ নেওগ আৰু পৰিস্মৃতা চমুৱাৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকি প্ৰতিযোগিতাৰ সফল ৰূপায়নত সহযোগিতা আগবঢ়ায় ।
ধেমাজি জিলাৰ খণ্ড সমল ব্যক্তি ক্ৰমে মুকুল সূত আৰু কনক গগৈয়ে আঁতধৰা অনুষ্ঠানত বিচাৰক সকলৰ লগতে বিজয়ী দলসমূহক একোটিকৈ স্মাৰক সহ প্ৰশংসা পত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী প্ৰতিগৰাকী প্ৰতিযোগীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us