ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন

যশস্বী শিক্ষাবিদ, সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰবক্তা শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে’ত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটীস্থ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ সহযোগত

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠানৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটী : যশস্বী শিক্ষাবিদ, সমাজকৰ্মী তথা মানৱ অধিকাৰৰ অন্যতম অগ্ৰণী প্ৰবক্তা শৰৎ মহন্তৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি অহা ১ মে’ত অধ্যাপক শৰৎ মহন্ত ফাউণ্ডেচনৰ উদ্যোগত আৰু গুৱাহাটীস্থ ৰয়েল গ্লৱেল বিশ্ববিদ্যালয়ৰ সহযোগত দশমবাৰৰ বাবে আয়োজন কৰা হৈছে অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান । 

Advertisment

প্ৰণিধানযোগ্য যে, ১৯৩৭ চনৰ পহিলা মে’ত শিৱসাগৰ জিলাৰ নাজিৰাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীচলিহা বাৰেঘৰ সত্ৰৰ এটি সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা অধ্যপক শৰৎ মহন্তৰ বিগত ২০১৩ চনৰ ১৮ জুনত পৰলোকপ্ৰাপ্তি ঘটে। শিৱসাগৰ কলেজৰ বুৰঞ্জী বিভাগত প্ৰায় ৩৩ বছৰৰো অধিক কাল অধ্যাপনা কৰি মুৰব্বী অধ্যাপকৰূপে অৱসৰ গ্ৰহণ কৰা অধ্যাপক শৰৎ মহন্তই প্ৰায় চাৰি বছৰ কাল অসম মানৱ অধিকাৰ আয়োগৰ সন্মানীয় সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । 

মৃত্যুপৰ্যন্ত বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ আৰু শিৱসাগৰ প্ৰেছ ক্লাৱৰ মুখ্য উপদেষ্টাৰূপে কাৰ্যনিৰ্বাহ কৰা শৰৎ মহন্তই প্ৰায় দুটা দশকৰো অধিক কাল সাংবাদিকতাও কৰিছিল । অলেখ তথ্যসমৃদ্ধ, চিন্তাশীল প্ৰৱন্ধ-নিবন্ধ লিখা মহন্তই কেইবাখনো উল্লেখনীয় গ্ৰন্থও ৰচনা কৰিছিল । 

উল্লেখ্য যে, অহা ১ মে’ৰ বিয়লি ৪-০০বজাত গুৱাহাটীৰ ৰয়েল গ্ল’ৱেল বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত দশম সংখ্যক অধ্যাপক শৰৎ মহন্ত সোঁৱৰণী বক্তৃতা প্ৰদান কৰিব ‘দ্য হিডেন হিন্দু’ খ্যাত বিশিষ্ট লেখক-কবি-গীতিকাৰ তথা আগশাৰীৰ অনুপ্ৰেৰণামূলক বক্তা অক্ষত গুপ্তাই ।  আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বক্তা অক্ষত গুপ্তই Rediscovering Our Roots : The Relevance of Hindu Mythology in Modern Times শীৰ্ষক বিষয়ত মূল বক্তৃতা প্ৰদান কৰিব । 

উল্লেখযোগ্য যে, অসমৰ সন্মানীয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই উক্ত বক্তৃতানুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । উক্ত বক্তৃতানুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ উদ্যোক্তাসকলে সকলোৰে  প্ৰতি আহ্বান জনাইছে।

royal global university