ভূগোল বিজ্ঞানক লৈ গাঢ়োৱাল বিশ্ববিদ্যালয়ত বক্তৃতা অৱসৰপ্ৰাপ্ত অধ্যাপক অৱনী কুমাৰ ভাগৱতীৰ...

উত্তৰাখণ্ডৰ হেমৱতী নন্দন বহুগুণা গাঢ়োৱাল বিশ্ববিদ্যালয়ত তিনি দিনীয়া ( ২৫- ২৭ অক্টোবৰ) কাৰ্যসূচীৰে ভাৰতীয় ভূগোল পৰিষদৰ ৪৬ তম অধিৱেশন অনুষ্ঠিত হয় । বিশ্ববিদ্যালয়খনৰ ভূগোল বিভাগৰ

author-image
Asomiya Pratidin
New Update
ikkkdd

ডিজিটেল ডেস্কঃ  উত্তৰাখণ্ডৰ হেমৱতী নন্দন বহুগুণা গাঢ়োৱাল বিশ্ববিদ্যালয়ত তিনি দিনীয়া ( ২৫- ২৭ অক্টোবৰ) কাৰ্যসূচীৰে ভাৰতীয় ভূগোল পৰিষদৰ ৪৬ তম অধিৱেশন অনুষ্ঠিত হয় । বিশ্ববিদ্যালয়খনৰ ভূগোল বিভাগৰ সৌজন্যত আয়োজিত এই অধিবেশনত দেশৰ বিভিন্ন অঞ্চলৰপৰা প্ৰায় তিনি শ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।  

অধিৱেশনত  কেইবাগৰাকীও ভূগোলবিজ্ঞানীয়ে বিশেষভাৱে আমন্ত্ৰিত  স্মাৰক আৰু প্ৰাসংগিক বিষয়ক বক্তৃতা প্ৰদান কৰে ।  তাৰে এটা স্মাৰক বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে ।  

অধ্যাপক ভাগৱতীয়ে পাঞ্জাব বিশ্ববিদ্যালয়ৰ এসময়ৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন অধ্যাপক অনাথ বন্ধু মুখাৰ্জীৰ জীৱন আৰু তেখেতৰ বিশেষ কিছু বৌদ্ধিক অৰিহণা সম্বন্ধে বক্তৃতা প্ৰদান কৰে ।উল্লেখযোগ্য যে অধ্যাপক মুখাৰ্জীয়ে ১৯৮৪ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগত কিছুদিনৰ কাৰণে অতিথি অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল।  

তেতিয়াই ড০ ভাগৱতীয়ে তেখেতৰ সান্নিধ্য লাভ কৰি পণ্ডিত গৰাকীৰ লগত বৌদ্ধিক সম্পৰ্ক গঢ়ি তুলিবলৈ সক্ষম হৈছিল । সেই সুবাদতে অধ্যাপক ভাগৱতীক এই বক্তৃতা প্ৰদান কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল । অধ্যাপক মুখাৰ্জীয়ে গুৱাহাটীত থকা কালত উত্তৰ-পূৰ্বাঞ্চলৰ আঞ্চলিক বৈশিষ্ট্যৰ বিষয়ে এটা তাৎপৰ্যপূৰ্ণ গৱেষণামূলক প্ৰৱন্ধ ৰচনা কৰিছিল ।  

সেই প্ৰৱন্ধটোৰ আধাৰতে অধ্যাপক ভাগৱতীয়ে  উত্তৰ-পূব অঞ্চলৰ আপেক্ষিক অৱস্থিতি , ইতিহাস, ঐতিহ্য, সামাজিক-সাংস্কৃতিক বৈশিষ্ট্য,  সামাজিক সমন্বয়, পৰিবৰ্তিত পৰিৱেশ সম্বন্ধে আলোচনা আগবঢ়ায় । অসমকে ধৰি উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহত পৰম্পৰাগতভাৱে চলি অহা প্ৰকৃতি আৰু সংস্কৃতিৰ মাজৰ  পাৰস্পৰিক সম্পৰ্কৰ লগতে সাম্প্ৰতিক কালত অঞ্চলটোৱে সন্মুখীন হোৱা সমস্যাসমূহৰ লওপৰত অধ্যাপক ভাগৱতীয়ে  বিশেষভাৱে আলোকপাত কৰে ।

গুৱাহাটী বিশ্ববিদ্যালয়