ডিজিটেল সংবাদ, গুৱাহাটী : বলিউদ জগতত পোন প্ৰথমবাৰৰ কাৰণে দীৰ্ঘ ছবিৰ পৰিচালক হিচাপে পদাৰ্পণ কৰা ভাৰ্গৱ শইকীয়াৰ বহু আকাঙ্খিত হ'ৰৰ ফেন্টাচি পূৰ্ণাঙ্গ বহু ভাষিক ছবি 'বোক্সী' বিশ্বৰ প্ৰথম দহটা স্থানত থকা নেডালেণ্ডৰ ৰ'টাৰডাম বিশ্ব বোলছবি মহোৎসৱ ২০২৫লৈ সসন্মানে নিৰ্বাচিত হৈছে। ৩০ জানুৱাৰী ২০২৫ পৰা ৯ ফেব্ৰুৱাৰী ২০২৫লৈকে অনুষ্ঠিত হ'ব লগা এই মহোৎসৱতে ভাৰ্গৱৰ ছবি 'বোক্সী'ৰ বিশ্ব মহুৰত সম্পন্ন হ'ব।
প্ৰায় পাঁচটা বছৰ গভীৰ অধ্যয়ন, পৰিকল্পনা আৰু সুক্ষ্ম পৰীক্ষা-নিৰীক্ষাৰ পাছত প্ৰায় দুমাহ কাল এদল সাহসী নৱ প্ৰজন্মক লৈ পুহমহীয়া প্ৰচণ্ড শীতক নেওচি চিকিমৰ দূৰ্গম অৰণ্যত প্ৰাকৃতিক পৰিৱেশত ভাৰ্গৱে ছবিখনৰ বেছি ভাগ দৃশ্য গ্ৰহন সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়ে। হলিউদ ছবিৰ সুগন্ধিৰে পুষ্ট 'বোক্সী' ছবিখনত হিন্দী, ইংৰাজী, নেপালী ভাষাৰ উপৰিও 'বোক্সীৰিত' নামৰ এটি নতুন কথিত ভাষাৰ সংযোজন কৰা হৈছে।
প্ৰণিধানযোগ্য যে, এই নতুন ভাষাটি নেডাৰলেণ্ডৰ প্ৰখ্যাত শিক্ষাবিদ অধ্যাপক জন ভান ষ্টেনবাৰগেনে সৃষ্টি কৰিছে। নিজা ব্যাকৰণ থকা কথিত ভাষাটিৰ অনতিপলমে ৱেব চাইড মুকলি কৰা হ'ব আৰু ইচ্ছুক ব্যক্তিয়ে ভাষাটো আয়ত্ব কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।
ছবিৰ অভিনেতা নিৰ্বাচনৰ ক্ষেত্ৰত গতানুগতিক চিন্তাধাৰাক একাশৰীয়া কৰি যোগ্যতা আৰু নতুনক প্ৰাধান্য দি 'বোক্সী' ছবিখনত মুম্বাইৰ নৱাগতা মানসী মুলতানী আৰু প্ৰশন্না বিষ্ট নামৰ দুগৰাকী প্ৰতিভাসম্পন্ন যুৱতী মূখ্য ভূমিকাত অৱতীৰ্ণ হৈছে। ইউৰোপৰ প্ৰাগ্ ফ্লিম স্কুলৰ পৰা শিক্ষা প্ৰাপ্ত হৰ্ষ বৈভৱে ছবিখনৰ চিত্ৰনাট্য প্ৰস্তুত কৰিছে। স্মৰ্তব্য যে, ভাৰ্গৱৰ 'বোক্সী' ছবিখন ৰ'টাৰডাম বিশ্ব বোলছবি মহোৎসৱৰ 'হাৰব'ৰ' বিভাগত বাচনি কৰা হৈছে। 'হাৰব'ৰ' নামাকৰণটো ৰ'টাৰডামৰ বন্দৰ চহৰ হাৰব'ৰৰ পৰা হোৱা।
উল্লেখিত যে, ৰ'টাৰডাম বিশ্ব মহোৎসৱলৈ ইয়াৰ আগতে ১৯৯৫ চনত অসমৰ স্বনামধন্য প্ৰখ্যাত পৰিচালক জাহ্নু বৰুৱাদেৱৰ 'সাগৰলৈ বহু দূৰ' আৰু ২০২৪ চনত মেহদি জাহানদেৱৰ 'জয়মতী নেভাৰ লেফ্ট' নামৰ বোলছবি দুখন নিৰ্বাচিত হৈছিল।
ভাৰ্গৱে অসমৰ বিশ্বনাথ চাৰিআলিৰ দৰে এখন সৰু চহৰৰ পৰা যাত্ৰা কৰি মুম্বাইত অতি সাহস আৰু আত্ম বিশ্বাসৰে 'লৰিয়েন ম'চন পিক্সাচ'ৰ নাম স্বাধীন প্ৰডাকচন খুলিছিল। ইমানেই নহয় তেওঁ এই প্ৰডাকচনৰ অধীনত 'ড্য এৱেকেনিং'(২০১৫ চন) আৰু 'ড্য ব্লেক কেট' (২০১৭ চন) নামৰ দুখনকৈ চুটি ছবিৰ চিত্ৰনাট্য-প্ৰযোজনা আৰু পৰিচালনা কৰি ইতিমধ্যে বিশ্বৰ বহু আগশাৰীৰ বোলছবি মহোৎসৱত বিভিন্ন শিতানত বহু কেইটা পুৰস্কাৰ বুটলি অসমৰ লগতে ভাৰতবৰ্ষলৈ সুনাম কঢ়িয়াই আনিছে।
পৰিচালকৰ দায়িত্ব লৈ বলিউদ জগতত 'বোক্সী' পূৰ্ণাংগ ছবিৰ দৰে প্ৰতাহবানমুখী এখন ছবি প্ৰথমবাৰৰ কাৰণে প্ৰক্ষেপ কৰি আৰু ছবিখন নেডালেণ্ডৰ ৰ'টাডাম বিশ্ব বোলছবি মহোৎসৱৰ দৰে বিশ্ব বিখ্যাত মহোৎসৱত নিৰ্বাচিত হোৱাত ভাৰ্গৱৰ লগতে ভাৰ্গৱৰ পৰিয়ালবৰ্গই আত্ম সন্তুষ্টি আৰু গৌৰৱ অনুভৱ কৰিছে। ভাৰ্গৱ বিশ্বনাথ চাৰিআলিৰ স্ত্ৰী ৰোগ ও প্ৰসূতি বিশেষজ্ঞ ডাঃ অমল শইকীয়া আৰু অৰুন্ধতী শইকীয়াৰ সুযোগ্য সন্তান।