মানকাচৰৰ বাঘাপাৰাত প্ৰাইজমানী ফুটবল টুৰ্ণামেণ্টৰ শুধ উদ্বোধনঃ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি...

মানকাচৰৰ বাঘাপাৰাত আজিৰে পৰা আৰম্ভ হৈছে বাঘাপাৰা আঞ্চলিক ফুটবল প্ৰাইজমানী টুৰ্ণামেণ্ট। প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

author-image
Tushar Pratim
New Update
mancachar 08

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ মানকাচৰৰ বাঘাপাৰাত আজি বাঘাপাৰা আঞ্চলিক ফুটবল প্ৰাইজমানী টুৰ্ণামেণ্টৰ শুভাৰম্ভ কৰা হৈছে। অসম আৰু মেঘালয়ৰ মুঠ ৩২ টাকৈ দলক লৈ আয়োজন কৰা এই ফুলবল টুৰ্ণামেণ্টৰ শুভ উদ্বোধন কাৰ্যসূচীত বিধায়ক আমিনুল ইছলাম মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে জিলা পৰিষদৰ সভানেত্ৰী তানজিনা খান বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল । 

অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই টুৰ্ণামেণ্টৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হয়। ইয়াৰ পাছত মেঘালয়ৰ নতুন ভাইটবাৰী ক্লাব আৰু মানকাচৰৰ টেপৰপাৰা ফুটবল ক্লাবৰ মাজত উদ্বোধনী খেল অনুষ্ঠিত কৰা হয়। 

টুৰ্ণামেণ্টৰ প্ৰথমখন খেলত ৪-১ গ’লৰ ব্যৱধানত মানকাচৰৰ টেপৰপাৰা ফুটবল ক্লাবে মেঘালয়ৰ নতুন ভাইটবাৰী ফুটবল ক্লাবক পৰাস্ত কৰে। অহা ২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া টুৰ্ণামেণ্টখনৰ প্ৰথম বিজয়ী দলক নগদ ১ লাখ টকাসহ ট্ৰফী প্ৰদান কৰা হ’ব। 

একেদৰে ৰানাৰ্ছ আপ দলকো নগদ ৫০ হাজাৰ টকাসহ ট্ৰফীৰে সন্মানিত কৰা হ’ব বুলি বাঘাপাৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্টৰ সভাপতি হাৰুণ আল ৰছিদে জানিবলৈ দিছে। বাঘাপাৰা মহাবিদ্যালয় খেল পথাৰত প্ৰতি দুবছৰৰ মূৰে মূৰে ফুটবল টুৰ্ণামেণ্টৰ আয়োজন কৰাৰ লগতে প্ৰতি দুবছৰৰ মূৰে মূৰে ১৫ অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি অহা হৈছে। 

নৱ প্ৰজন্মক ড্ৰাগছ, মদ, জুৱাৰ লগতে মোবাইলৰ আসক্তিৰ পৰা দূৰত ৰাখি খেলৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বাঘাপাৰাত সচেতন মহলে এইদৰে বিগত প্ৰায় ১৫ বছৰ ধৰি ক্ৰিকেট আৰু ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত কৰি আহিছে বুলি আয়োজনসকলে জানিবলৈ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা বিধায়ক আমিনুল ইছলামে টুৰ্ণামেণ্ট উদ্বোধনৰ পাছত কয়, মোবাইল গেমৰ পৰা নিজকে আঁতৰি ৰাখি শৰীৰ চৰ্চাৰ বাবে জিলাখনৰ প্ৰতিটো প্ৰান্তত এইদৰে ফুটবল আৰু ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰাৰ অতিকৈ প্ৰয়োজন। 

খেলৰ প্ৰতি নৱপ্ৰযন্মক আগ্ৰহী কৰি তুলিবলৈ প্ৰতিখন গাঁৱৰ সচেতন মহলে নৱ প্ৰজন্মক উলিয়াই আনিব লাগে বুলি বিধায়কগৰাকীয়ে মন্তব্য কৰে।

ফুটবল মানকাচৰ