/asomiyapratidin/media/media_files/2026/02/21/183-2026-02-21-12-53-41.jpg)
ডিজিটেল সংবাদ, হোজাই : পিতৃজন্ম সূত্ৰে কামপুৰ তথা বৰ্তমানৰ বাসিন্দা হিচাপে লংকা নগৰীৰ জীয়ৰী প্রিয়ংকা শইকীয়াই ছবছৰীয়া কৃচ্ছ সাধনাৰ মাজেৰে ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজি, মেঘালয়,ৰ পৰা উদ্ভিদ বিজ্ঞান (Botany) বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। তেওঁৰ গৱেষণাৰ বিষয় আছিল “Comparative Account on Soil Organic Carbon Stock under Aquilaria malaccensis Lam. Based Cultivation Systems of Assam.” ।
তেওঁৰ এই গৱেষণা ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন’লজি, মেঘালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° মৌটুষী দাসৰ তত্ত্বাৱধানত আৰু অসম ডন বস্কো বিশ্ববিদ্যালয়, সোণাপুৰৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° জ্যোতিষ্মান ডেকাৰ সহ-তত্ত্বাৱধানত সম্পন্ন হয় । আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা স্নাতক আৰু ইউনিভাৰ্চিটি অৱ চায়েন্স এণ্ড টেকন'লজী বিশ্ববিদ্যালয়, মেঘালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা সাং কৰা প্রিয়ংকা শইকীয়া হৈছে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য তথা হোজাই জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা লংকা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা উপাধ্যক্ষ ড° গুণেশ্বৰ শইকীয়া আৰু লংকাৰ মডাৰ্ণ গুৰুকুল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শশীপ্ৰভা শইকীয়াৰ জ্যেষ্ঠ কন্যা ।
তেওঁৰ এই কৃতিত্বত পিতৃ-মাতৃৰ দুয়োখন শিক্ষানুষ্ঠানৰ লগতে হোজাই জিলা সাহিত্য সভাৰ সকলো অতিশয় উচ্ছ্বসিত হৈছে । উল্লেখযোগ্য যে প্ৰিয়ংকা শইকীয়াৰ এই সাফল্যত নিজ সন্তানে ডক্টৰেট ডিগ্ৰী লাভ কৰা হোজাই জিলা সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতিৰ গৌৰৱৰ পাত্ৰ হ'ল ড° গুণেশ্বৰ শইকীয়া ।
অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই ইয়াক অতিশয় আনন্দ আৰু গৌৰৱৰ বিষয় বুলি উল্লেখ কৰি সৌভাগ্যৱান পিতৃ-মাতৃ আৰু ছাত্ৰীগৰাকীক উষ্ম অভিনন্দন জ্ঞাপন কৰে । অসম সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়াৰ কন্যাৰ সুখ্যাতিত উৎফুল্লিত ৰাজখোৱাই প্ৰসঙ্গক্ৰমে কয় যে, এনেদৰে গৱেষণা কৰি লাভ কৰা ডক্টৰেট এটা সন্মানীয় ডিগ্ৰী । এনে ডিগ্ৰী নামৰ আগত লিখিলে শোভা কৰে ।
কিন্তু অদ্ভুত বিশ্ববিদ্যালয়ৰ নামত দোকানৰ সামগ্ৰীৰ দৰে কিনি লৈ ডক্টৰেট ডিগ্ৰী লিখাটো অতিশয় লজ্জাজনক বিষয় বুলি তেওঁ মন্তব্য কৰে । প্ৰিয়ংকা শইকীয়াৰ সাফল্যত উৎফুল্লিত হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অচ্যুত ঠাকুৰীয়া, প্ৰাক্তন সম্পাদক অনুপকুমাৰ বৰঠাকুৰ, প্ৰাক্তন সভাপতি ইন্দ্ৰজিৎ বেজবৰুৱাকে ধৰি আন বহুজনে মেধাৱী ছাত্ৰী প্ৰিয়ংকা শইকীয়া তথা পৰিয়ালটিক অভিনন্দন জ্ঞাপন কৰিছে ।
এই সম্পৰ্কত 'এয়া আমাৰ বাবে গৌৰৱৰ বিষয় বুলি' উল্লেখ কৰি অনুপ কুমাৰ বৰঠাকুৰে ইয়াক পিতৃ-মাতৃৰ লগতে প্ৰিয়ংকাৰ কষ্টৰ সুফল বুলি অভিহিত কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us